অসম

assam

By

Published : Jul 21, 2021, 4:53 PM IST

ETV Bharat / state

দুটি পুত্ৰ থাকিও অকলশৰীয়া এগৰাকী শয্যাশায়ী বৃদ্ধ

নগাঁৱত এগৰাকী শয্যাগত বৃদ্ধৰ অসহায় অৱস্থা । দুই পুত্ৰৰ পৰা অৱহেলিত বৃদ্ধগৰাকীয়ে এতিয়া ভাড়াঘৰৰ বিছনাতে যন্ত্ৰণাত ছটফটাইছে অকলশৰে । কিন্তু খবৰ নাই পুত্ৰ তথা পৰিয়ালৰ ৷

a-helpless-old-man-appeal-for-help-at-nagaon
দুই পুত্ৰৰ পৰা অৱহেলিত এগৰাকী বৃদ্ধৰ কৰুণ কাহিনী

নগাঁও, 20 জুলাই : নগাঁও জিলাৰ বৰদোৱাৰ এগৰাকী বৃদ্ধ ৷ নাম অতুল শইকীয়া ৷ কেইমাহমান পূৰ্বে এক দুৰ্ঘটনাত পতিত হৈ ভৰিৰ কিছু অংশ আঘাতপ্ৰাপ্ত হৈছিল তেওঁৰ ৷ লোকজনৰ চিকিৎসাজনিত কাৰণতে পুত্ৰ বিষ্ণু প্ৰসাদ শইকীয়াই নগাঁও চহৰৰ আমোলাপট্টিৰ এটা কোঠা ভাড়াত লৈছিল ৷

ভাড়াঘৰত পিতৃৰ পৰিচৰ্যাৰ বাবে বেতনভোগী তত্বাৱধায়ক ৰাখি বেলেগ এটা ঘৰত আছিল পুত্ৰ ৷ কিন্তু মাত্ৰ এটা সপ্তাহ পিছতেই কৰ্মসূত্ৰে দিল্লীলৈ গুচি যায় পুত্ৰ বিষ্ণু শইকীয়া ৷ প্ৰথম অৱস্থাত পুত্ৰই দিল্লীৰ পৰা ঘৰৰ ভাড়া, লোকজনৰ খাদ্যৰ খৰচ, তত্বাৱধায়কৰ দৰমহা আদি সকলো নিয়মীয়াকৈ আদায় কৰি আহিছিল ৷ কিন্তু হঠাৎ পুত্ৰ বিষ্ণু শইকীয়াই পিতৃৰ কোনো খৰচৰ ধন নিদিয়াত তত্বাৱধায়কজনেও নকৰা হ'ল শয্যাশায়ী অতুল শইকীয়াৰ পৰিচৰ্যা ৷

এগৰাকী শয্যাশায়ী বৃদ্ধ...

পুত্ৰই কোনো ধন নিদিয়াত এতিয়া এক জটিল পৰিস্থিতিৰ সন্মুখীন হৈছে এই বৃদ্ধ লোকজন ৷ আনকি বিচনাতে কৰিবলগীয়া হৈছে শৌচ-প্ৰস্ৰাৱ ৷ ভাড়াঘৰৰ মালিকে পুত্ৰৰ সৈতে যোগাযোগ কৰাৰ চেষ্টা কৰিছে যদিও পুত্ৰই ৰিচিভ কৰা নাই ফোনকল ৷ আনকি অতুল শইকীয়াৰ গুৱাহাটীত থকা আন এজন পুত্ৰৰ সৈতে যোগাযোগ কৰাত তেওঁ দায়সৰা মন্তব্য কৰা বুলি উল্লেখ কৰে ভাড়াঘৰৰ মালিকে ৷

বিগত দিনত পিতৃৰ সকলো খৰচ বহন কৰি অহা পুত্ৰ বিষ্ণু শইকীয়াই কি কাৰণত হঠাৎ পিতৃৰ খৰচ নিদিয়া হ'ল, সেই সন্দৰ্ভত এই পৰ্যন্ত জানিব পৰা হোৱা নাই ৷ পুত্ৰ বিষ্ণু শইকীয়া সম্প্ৰতি কি পৰিস্থিতিত আছে সেয়াও জানিব পৰা হোৱা নাই । কাৰণ যিয়েই নহওঁক, শয্যাগত বৃদ্ধ লোকজনৰ এতিয়া প্ৰয়োজন হৈছে কাৰোবাৰ অলপ সহায়ৰ ।

লগতে পঢ়কঃবগা হাতীত পৰিণত এটা মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়

ABOUT THE AUTHOR

...view details