নগাঁও, 19 মাৰ্চ : এক মৰ্মান্তিক ঘটনাই স্তম্ভিত কৰি তুলিছে নগাঁৱৰ চামগুৰিবাসীক । ধনৰ অভাৱৰ লগতে চুবুৰীয়াৰ অসহযোগিতাৰ বাবে পত্নীৰ সৎকাৰৰ ব্যৱস্থা কৰিব নোৱাৰি নিজ গৃহৰ চৌহদৰ পানী নথকা কুঁৱাত এগৰাকী বৃদ্ধই পুতি থ'লে পত্নীৰ মৃতদেহ ৷
চামুগুৰিৰ গেন্ধালীৰ আমগুৰিৰ ঘটনা এয়া ৷ গণেশ লোহাৰ নামৰ এগৰাকী লোকৰ পত্নী মইনু এক্কা লোহাৰৰ মৃত্যু হৈছিল দেওবাৰে ৷ দীৰ্ঘদিন ধৰি শাৰীৰিক অসুস্থতাত ভুগি অৱশেষত মৃত্যুক আঁকোৱালি লোৱা মহিলাগৰাকীৰ সৎকাৰৰ বাবে সোমবাৰে বিয়লি পৰ্যন্ত মহিলাগৰাকীৰ স্বামীক সহায়ৰ বাবে ওলাই নাহিল গাঁওখনৰ এজনো লোক ৷ আনকি নাহিল বৃদ্ধগৰাকীৰ পৰিয়ালৰ লোকো ৷ যাৰ বাবে উপায়ন্তৰ হৈ মহিলাগৰাকীৰ মৃতদেহ উৱলি যোৱাত মৃত্যুৰ দ্বিতীয় দিনামৃতদেহ পুতি থ'বলৈ বাধ্য হয় মহিলাগৰাকীৰ বৃদ্ধ স্বামী গণেশ লোহাৰে । ইপিনে এই খবৰে সকলোকে লজ্জানত কৰাৰ সময়তেই সোমবাৰে গাঁওখনৰ গাঁওবুঢ়াৰ লগতে স্থানীয় আৰক্ষী উপস্থিত হৈ মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে নগাঁও অসমাৰিক চিকিৎসা মহাবিদ্যালয়লৈ ৷পাচত সোমবাৰে মৃতদেহটো সৎকাৰ কৰা হয় ৷