নগাঁও, 14 জুলাই :গাঁৱৰ বৰ্ণনা গাঁৱৰ বন্দনা অসমীয়া গীত-নাট-সাহিত্যত সুন্দৰভাৱে প্ৰতিফলিত হোৱা আমি দেখা পাওঁ ৷ কবি-গীতিকাৰে গাঁৱৰ অপৰূপ সৌন্দৰ্যক ভিন্ন ধৰণে ৰূপ দছে নিজৰ সৃষ্টিত ৷ তেনে এখন সুন্দৰ গাঁও গঢ়াৰ বাবে নগাঁৱৰ এখন গাঁৱৰ এদল যুৱকে গ্ৰহণ কৰিছে এক প্ৰশংসনীয় পদক্ষেপ । নিজা শ্ৰমেৰে নিজ গাঁওখন ৰাজ্যৰ ভিতৰতেই নহয় দেশৰ ভিতৰতে এখন আদৰ্শ গাঁও গঢ়াৰ চেষ্টা যুৱকসকলৰ ।
নগাঁৱৰ বটদ্ৰৱা বিধানসভা সমষ্টিৰ এখন অন্যতম গাঁও হৈছে গছপুৰীয়া গাঁও । প্ৰায় আঢ়ৈ কিলোমিটাৰ এলেকা সামৰা গাঁওখনৰ পৰিস্কাৰ পৰিবেশে মুগ্ধ কৰিব আপোনাকো । কৰ'ণাসৃষ্ট পৰিবেশৰ বাবেই জাৰি কৰা আংশিক লক ডাউনে একপ্ৰকাৰ কৰ্মহীন কৰি তুলিছে বহু যুৱকক । এনে পৰিবেশৰ মাজতেই সময়ৰ সদব্যৱহাৰ কৰি হাতীচুং মৌজাৰ গছপুৰীয়া গাঁৱৰ যুৱকসকলে আৰম্ভ কৰে গাঁওখন চাফ চিকুণ কৰাৰ কাম ।
পুৱা গধূলি হাতত ঝাড়ু লৈ গাঁওখনৰ মূলপথ পৰিষ্কাৰৰ কাম আৰম্ভ কৰে যুৱকসকলে । এই যুৱক কেইজনে নিজৰ গাঁওখনত আৰম্ভ কৰা এনে কামত প্ৰশংসা কৰে গাঁওবাসীয়ে । যুৱকৰ দলটোক উৎসাহ যোগোৱাৰ উদ্দেশ্যে গাঁওখনৰ আন এজন উদ্যোমী যুৱক ৰাজীৱ বৰাই যুৱকৰ দলটোক সম্পূৰ্ণ সহযোগিতা আগবঢ়ায় ।