নগাঁও, 20 জানুৱাৰী: অতি পৰিষ্কাৰ, পৰিচ্ছন্ন চৌহদেৰে পৰিবেষ্টিত এখন চৰকাৰী বিদ্যালয় । ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ দৰেই এক সুন্দৰ পৰিবেশ গঢ়ি তোলা হৈছে চৰকাৰী খণ্ডৰ এইখন শিমলুগুৰি প্ৰাথমিক বিদ্যালয়ত । কেৱল পৰিষ্কাৰ পৰিচ্ছন্নতাই নহয়, বিদ্যালয়খনৰ শৈক্ষিক ক্ষেত্ৰখনো গঢ়ি উঠিছে ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ সৈতে ফেৰ মাৰিব পৰাকৈ (Government run school attract students in Nagaon) । যাৰ বাবে চৰকাৰী খণ্ডৰ এই বিদ্যালয়খনত প্ৰতি বছৰেই বৃদ্ধি হৈছে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা । বিদ্যালয়খনৰ সামগ্ৰিক পৰিবেশত আকৃষ্ট বহু অভিভাৱকে নিজৰ সন্তানক ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ পৰা নাম কৰ্তন কৰি নাম ভৰ্তি কৰাইছে এইখন শিমলুগুৰি প্ৰাথমিক বিদ্যালয়ত ।
উল্লেখযোগ্য যে, ১৯৫৬ চনত স্থাপন হোৱা এইখন শিমলুগুৰি প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা ৪১৫ জনলৈ বৃদ্ধি পাইছে । ইপিনে বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা গুণোৎসৱত অংশগ্ৰহণ কৰা নিৰীক্ষকো আপ্লুত হৈ পৰে বিদ্যালয়খনৰ পৰিবেশ পৰ্যবেক্ষণ কৰি (Gunotshav 2023 in Assam) । জিলাখনৰ মুঠ ২১২৮ খন বিদ্যালয়ত আৰম্ভ হোৱা গুণোৎসৱৰ সমান্তৰালকৈ নগাঁৱৰ খাগৰিজান প্ৰাথমিক শিক্ষা খণ্ডৰ অধীনৰ এইখন শিমলুগুৰি প্ৰাথমিক বিদ্যালয়ৰো বহি মূল্যায়ন সম্পন্ন হয় । বিদ্যালয়খনৰ গুণোৎসৱত নিৰীক্ষক ৰূপে থাকে নগাঁও গোপীনাথ দেৱগোস্বামী বাণিজ্যি মহাবিদ্যালয়ৰ প্ৰৱক্তা ড৹ জোনালী শৰ্মা আৰু কটহগুহি মহাবিদ্যালয়ৰ সহকাৰী প্ৰবক্তা অশ্ৰুমণি ডেকা ।
লগতে পঢ়ক:Ghy Electricity Connection: হ’ল্ডিং নম্বৰ অবিহনে গুৱাহাটীত লাভ নকৰিব বিদ্যুৎ সেৱা
ইপিনে, নগাঁও জিলাৰ ছটা শিক্ষা খণ্ডৰ সৰ্বমুঠ ২১২৮ খনকৈ চৰকাৰী খণ্ডৰ বিদ্যালয়ত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা গুণোৎসৱৰ প্ৰথম দিনা স্ব-মূল্যায়ন কাৰ্যসূচী ৰূপায়ণ কৰাৰ পিছত শুকুৰবাৰৰ পৰা বিদ্যালয়সমুহত মূল্যায়ন প্ৰক্ৰিয়া আৰম্ভ হয় । জিলাখনৰ বটদ্ৰৱা শিক্ষা খণ্ডৰ অন্তৰ্গত মুঠ ২৬৭খন বিদ্যালয়ত আছে ৩৭,৬০৭ গৰাকী ছাত্ৰ-ছাত্ৰী ৷ জুৰীয়া শিক্ষা খণ্ডৰ ২৫০ খন বিদ্যালয়ত আছে ৪৫,৯৩১ গৰাকী ছাত্ৰ-ছাত্ৰী, কলিয়াবৰ শিক্ষা খণ্ডৰ ২২৩খন বিদ্যালয়ত আছে ২৭,৫৩৬ গৰাকী ছাত্ৰ-ছাত্ৰী (Gunotshav in Nagaon)৷