অসম

assam

ETV Bharat / state

ড্ৰাগছৰ বেজি দি কিশোৰীক হত্যা

ড্ৰাগছ সেৱনৰ ভয়ংকৰ পৰিণতি নগাঁৱত। ঘৰৰ পৰা নি কিশোৰীক দেহত ড্ৰাগছৰ বেজি দিয়াৰ অভিযোগ। ড্ৰাগছ আসক্ত কিশোৰীৰ মৃত্যুক লৈ নগাঁৱত চাঞ্চল্য। পৰিয়ালৰ এজাহাৰৰ ভিত্তিত আটক দুই কিশোৰ।

By

Published : Jul 9, 2020, 5:39 AM IST

Updated : Jul 9, 2020, 6:08 AM IST

nagaon murder
nagaon murder

নগাঁও, 8 জুলাই : এফালে ড্ৰাগছৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে অব্যাহত ৰাখিছে ব্যাপক অভিযান আৰু আনফালে ড্ৰাগছৰ কৰাল গ্ৰাসত নগাঁৱৰ একাংশ নৱপ্ৰজন্ম। নগাঁৱত ড্ৰাগছ আসক্ত এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীৰ মৃত্যুক কেন্দ্ৰ সৃষ্টি হৈছে ব্যাপক চাঞ্চল্যৰ। নগাঁও চহৰৰ ফৌজদাৰী পট্টিত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা।

ড্ৰাগছৰ বেজি দি কিশোৰীক হত্যা

বুধবাৰে সন্ধিয়া এখন স্কুটিত অহা এজন কিশোৰে মূমূৰ্ষু অৱস্থাত পেলাই থৈ যায় নৱম শ্ৰেণীৰ কিশোৰীগৰাকীক। অচেতন অৱস্থাত কিশোৰীগৰাকীক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও চিকিৎসালয়ত মৃত্যু হয় নৱম শ্ৰেণীৰ ছাত্ৰীগৰাকীৰ । অত্যাধিক ড্ৰাগছ সেৱনৰ ফলতেই কিশোৰীগৰাকীৰ মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে।

আত্মীয়ৰ ঘৰলৈ ফুৰিবলৈ যোৱাৰ কথা কৈ ঘৰৰ পৰা ভাৰাতীয়া পৰিয়ালৰ আন এগৰাকী কিশোৰীৰ সৈতে ওলাই গৈছিল কিশোৰীগৰাকী । নগাঁৱৰ বৈদ্যটুপ অঞ্চলৰ দুটা কিশোৰে কিশোৰী দুগৰাকীক নি অত্যাধিক ড্ৰাগছ সেৱন কৰোৱাৰো অভিযোগ উত্থাপন হৈছে। পৰিয়ালৰ লোকে দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে বুধবাৰে নিশাই বৈদ্যটুপৰ দুই কিশোৰক আটক কৰি জেৰা অব্যাহত ৰাখিছে । এতিয়া আৰক্ষীৰ তদন্তত প্ৰকৃত ঘটনা পোহৰলৈ আহিব যদিও কিশোৰ-কিশোৰীও যে ড্ৰাগছৰ কৱলত পৰিছে সেয়া চিন্তনীয় বিষয় হৈ পৰিছে ।

লগতে পঢ়ক :পুৰণিগুদামত বৃহৎপৰিমাণৰ ড্ৰাগ্ছসহ আট সৰবৰাহকাৰী

Last Updated : Jul 9, 2020, 6:08 AM IST

ABOUT THE AUTHOR

...view details