নগাঁও, 20 ছেপ্তেম্বৰ:এতিয়াৰ পৰা সাৱধান হওক নগাঁওবাসী ৷ কাৰণ নগাঁৱত এতিয়া খোপনি পুতিছে মৰিগাঁও জিলাৰ এটা চোৰৰ দলে ৷ এই চোৰৰ দলটোৱে ন ন কৌশলেৰে সুবিধা লৈ বিভিন্নজনৰ ঘৰৰ পৰা লুটপাত কৰি আহিছে সোণৰ গহনা ৷ এই প্ৰৱঞ্চকৰ দলটোৰ এজন সদস্য ইতিমধ্যেই নগাঁও আৰক্ষীৰ জালত পৰিছে ৷
প্ৰাপ্ত তথ্য মতে, নগাঁও আৰক্ষীৰ নগৰ শাখাৰ আৰক্ষীৰ এটা দলে টহল দি থকাৰ সময়তে চাইকেলেৰে গৈ আছিল চাৰিজনীয়া যুৱকৰ এটা দল ৷ যুৱকৰ দলটোৰ ওপৰত সন্দেহ ওপজে টহল দি থকা আৰক্ষীৰ ৷ লগে লগে যুৱকৰ দলটোক আৰক্ষীয়ে ৰবলৈ সংকেত দিয়ে যদিও যুৱকৰ দলটোৱে আৰক্ষীৰ সংকেত অমান্য কৰি আঁতৰি যাবলৈ চেষ্টা কৰে ৷ যাৰ বাবে আৰক্ষীৰ দলটোৱেও যুৱকৰ দলটোক খেদি যায় যদিও দলটোৰ তিনিজন যুৱক পলাই যাবলৈ সক্ষম হয় ৷