নগাঁও, 12 নৱেম্বৰ :নগাঁৱৰ এটা বিত্তীয় প্ৰতিষ্ঠানৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে আত্মসহায়ক গোটৰ একাংশ মহিলা । অসমী ফাইনেঞ্চ প্ৰাইভেট লিমিটেডনামৰ এটা বিত্তীয় প্ৰতিষ্ঠানটোৰ নগাঁৱৰ শাখা কাৰ্যালয়ত একাংশ মহিলা উপস্থিত হৈ প্ৰাপ্য ধন উভতাই বিচাৰি কিছু উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে । আনকি বিত্তীয় প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চপাৰো সিদ্ধান্ত গ্ৰহণ কৰে মহিলা হিতাধিকাৰীসকলে ।
মহিলা হিতাধিকাৰীসকলৰ অভিযোগ, ব্যক্তিগত খণ্ডৰ এই বিত্তীয় প্ৰতিষ্ঠানটোৱে মহিলাসকলক বিভিন্ন গোটত ভাগ কৰি ঋণ প্ৰদান কৰিছিল । প্ৰতিটো গোটতে ১০ গৰাকীকৈ মহিলা আছিল । প্ৰতিষ্ঠানটোৱে ঋণ প্ৰদানৰ বিপৰীতে প্ৰতিগৰাকী মহিলাৰ পৰা ২ হাজাৰৰ পৰা ৫ হাজাৰ টকা পৰ্যন্ত নিৰাপত্তাজনিত ধন অৰ্থাৎ চিকিউৰিটি মানি গ্ৰহণ কৰিছিল ।
নিয়ম অনুযায়ী ঋণ পৰিশোধ কৰাৰ পিচত মহিলা সকলক এই আমানতৰ ধন ওভতাই দিব লাগিব । কিন্তু বহু কেইটা গোটৰ হিতাধিকাৰীয়ে ঋণ পৰিশোধ কৰাৰ পিচতো তেওঁলোকৰ আমানতৰ ধন উভতাই দিয়া নাই । দীৰ্ঘদিন ধৰি মহিলাসকলে এই প্ৰাপ্য ধন উভতাই দিবলৈ ব্যক্তিগত খণ্ডৰ বিত্তীয় প্ৰতিষ্ঠানটোৰ শাখা প্ৰৱন্ধকগৰাকীক আবেদন-নিবেদন কৰিছিল ৷
কিন্তু হিতাধীকাৰীসকলে আবেদন-নিবেদন কৰাৰ পিচতো বৰ্তমান পৰ্যন্ত উভতাই পোৱা নাই প্ৰাপ্যৰ ধন । যাৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰিছে ভুক্তভোগী হিতাধীৰকাৰীসকল ৷ মহিলাসকলে অভিযোগ কৰা অনুসৰি, কেইবাটাও গোটৰ মহিলাই পাবলগীয়া এই ধনৰ পৰিমাণ কেইবালক্ষাধিক টকা হ’ব ।