অসম

assam

ETV Bharat / state

নগাঁৱৰ হাঁহচৰা গাঁৱৰ ইক্ৰামুল হুছেইন সন্ধানহীন - জ্যেষ্ঠ ভগ্নীৰ

নগাঁৱৰ হাঁহচৰাত ভাতৃক বিচাৰি এগৰাকী জ্যেষ্ঠ ভগ্নীৰ হাহাকাৰ। জ্যেষ্ঠ ভগ্নীৰ ঘৰৰ পৰা ওলাই যোৱাৰ পিছৰে পৰা সন্ধান নাই দুই সন্তানৰ পিতৃ ইক্ৰামুল হুছেইনৰ। ভাতৃক বিচাৰি মৈৰাবাৰী থানাত এজাহাৰ দাখিল কৰিছে জ্যেষ্ঠ ভগ্নীয়ে।

নগাঁৱৰ হাঁহচৰা গাঁৱৰ ইক্ৰামুল হুছেইন সন্ধানহীন
নগাঁৱৰ হাঁহচৰা গাঁৱৰ ইক্ৰামুল হুছেইন সন্ধানহীন

By

Published : Nov 6, 2020, 1:38 PM IST

নগাঁও, ৬ নৱেম্বৰ: ১৫ দিনৰো অধিক সময় ধৰি সন্ধানহীন হৈ আছে নগাঁৱৰ হাঁহচৰা গাঁৱৰ ইক্ৰামূল হুছেইনৰ। দুই সন্তানৰ পিতৃ ইক্ৰামূলক বিচাৰি চলাথ কৰিছে জ্যেষ্ঠ ভগ্নী কুলচুমা বেগমে। আত্মীয়ৰ ঘৰ, আশে-পাশে থকা অঞ্চলত বহু বিচাৰ-খোচাৰ কৰিও নিৰাশ হ'বলগীয়া হৈছে জ্যেষ্ঠ ভগ্নীয়ে। কুলচুমা বেগমৰ কছাৰী গাঁওস্থিত বাসগৃহৰ পৰা ওলাই যোৱাৰে পৰা নিৰুদ্দিষ্ট হৈ আছে ইক্ৰামূল।

উপায়হীন হৈ আৰক্ষীৰ কাষ চাপিছে দুৰ্ভগীয়া ভগ্নীয়ে। যোৱা ২১ অক্টোবৰত মৈৰাবাৰী আৰক্ষী থানাত এই সন্দৰ্ভত এজাহাৰ দাখিল কৰে কুলচুমা বেগমে। লগতে, কোনো সদাশয় ব্যক্তিয়ে ইক্ৰামূলৰ সম্ভেদ পালে 600345347 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে জ্যেষ্ঠ ভগ্নীয়ে।
লগতে পঢ়ক:আলু পিয়াঁজৰ উৰ্ধমুখী দামে জ্বলাকলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক

ABOUT THE AUTHOR

...view details