অসম

assam

ETV Bharat / state

আৰক্ষী জোৱানৰ হাত পৰশত প্ৰাণ পাই উঠা শিল্পকৰ্ম

এগৰাকী আৰক্ষী জোৱানৰ নিপুণ হাতৰ পৰশত প্ৰাণ পাই উঠিছে বিভিন্ন ধৰণৰ প্ৰতিমূৰ্তি ৷ কাঠ, বাঁহত খোদিত কৰি ৰং তুলিকাৰ বুলেৰে আৰক্ষী জোৱান গৰাকীয়ে নিৰ্মাণ কৰিছে প্ৰতিমূৰ্তি ৷

a cop sculpted varius sculpture in nagaon
a cop sculpted varius sculpture in nagaon

By

Published : Jun 3, 2020, 12:29 PM IST

বটদ্ৰৱা, 3 জুনঃ বটদ্ৰৱাৰ এগৰকী আৰক্ষী জোৱান ! নাম ঋষিকেশ বৰা ৷ বন্দুক, বাৰুদৰ সৈতে নিতৌ খেলা কৰা এই আৰক্ষী জোৱান জন আন এক নিপুন কলাৰ অধিকাৰী ৷ তেওঁৰ হাতৰ পৰশত প্ৰাণ পাই উঠে জড় হৈ পৰি থকা কাঠ, বাঁহৰ টুকুৰা ৷ নিজৰ দায়িত্ব আৰু কৰ্তব্য নিষ্ঠাৰে পালন কৰি জোৱান গৰাকীয়ে আজৰি সময়ত কাঠ, বাঁহত খোদিত কৰে এটাৰ পাচত আনটো প্ৰতিমূৰ্তি ৷

ভিন্ন প্ৰতিমূৰ্তিয়ে প্ৰাণ পাই উঠিছে এগৰাকী আৰক্ষী জোৱানৰ হাতত

হস্তশিল্পীৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত নগাঁৱৰ কঠিয়াতলীৰ বিলছাআটি গাঁৱৰ জিতেন কুমাৰ বৰাৰ জ্যেষ্ট পুত্ৰ জোৱান গৰাকীয়ে, সৰুৰে পৰাই পিতৃৰ পৰা এই শিল্পৰ জ্ঞান আয়ত্ব কৰি অব্যাহত ৰাখিছে শিল্পৰ সাধনা ৷ বটদ্ৰৱা আৰক্ষী চকীৰ আৰক্ষী জোৱান গৰাকীৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে কাঠৰ বটা, বাতি, শৰাই, বাঘ, কৃষ্ণমূৰ্তি আদিয়ে ৷

লগতে পঢ়কঃবহিঃৰাজ্যৰ পৰা অহা যুৱক-যুৱতীৰ বাবে 'সুদক্ষ' আঁচনি মুকলি !

ABOUT THE AUTHOR

...view details