বটদ্ৰৱা, 4 জুলাইঃ ধিঙৰ ঠাকাইবস্তিত শনিবাৰে পুৱা ঘৰৰ পৰা ৰাজপথলৈ ওলাই অহা এটি শিশুৱে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুক সাৱটি লয় । শিশুটিৰ ঢাকাইবস্তিৰ আনিজুল হকৰ পুত্ৰ ৱাহিদুৰ ৰহমান বুলি জানিব পৰা গৈছে ।
ধিঙত বিদ্যুৎস্পৃষ্ট হৈ শিশুৰ মৃত্যু - ধিং বিদ্যুত উপ সংমণ্ডল কাৰ্যলয়
বিদ্যুৎস্পৃষ্ট হৈ শনিবাৰে ধিঙৰ ঢাকাইবস্তিৰ এটি শিশুৱে মৃত্যুক সাৱটি লয় । দিৰ্ঘদিন ধৰি অঞ্চলটোৰ পথৰ দাঁতিতে অতি বিপদজনকভাৱে পৰি আছিল বিদ্যুৎ পৰিবাহী তাঁৰ । বাৰম্বাৰ জনোৱাৰ পিচতো বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ বিহীত ব্যৱস্থা নোলোৱাৰ বাবে এনে ঘটনা সংঘটিত হ'বলৈ পালে বুলি অভিযোগ কৰে স্থানীয় লোকে ।
উল্লেখ্য বিগত কেইবাদিনো ধৰি অঞ্চলটোত বিপদজনক অৱস্থাত আছিল এটা পুৰণি বিদ্যুৎ পৰিবাহী খুটা । পথৰ দাঁতিতে পৰি আছিল খুটাটোত সংযাগ হৈ থকা বিদ্যুৎ পৰিবাহী তাঁৰসমূহ । স্থানীয় লোকে কেইবাবাৰো এই বিষয়ে বিভাগীয় কৰ্তৃপক্ষকত জনাই আহিছিল যদিও, বিভাগীয় কৰ্তপক্ষই কোনো ধৰণৰ বিকল্প ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে এনে ঘটনা সংঘটিত হ'বলৈ পালে বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । শুকুৰবাৰে নিশাও ৰাজপথত বিদ্যুৎ পৰিবাহী তাঁৰ ছিগি পৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰি স্থানীয় লোকে, ধিং বিদ্যুত উপ সংমণ্ডল কাৰ্যলয়ত অৱগত কৰিছিল । কিন্তু বিভাগীয় কৰ্তৃপক্ষৰ পৰা নাপালে কোনো ধৰণৰ সহাৰি । তাৰ পাচতেই শনিবাৰে পুৱাৰ ভাগত সংঘটিত হোৱা দুৰ্ঘটনাটোত এটি শিশুৱে মৃত্যুক সাৱটিবলগীয়া হয় । ইতিমধ্যে ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ শিশুটিৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে নগাঁৱলৈ । লগতে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ।
লগতে পঢ়কঃকৰিমগঞ্জত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত যুৱকৰ মৃতদেহ উদ্ধাৰ