অসম

assam

ETV Bharat / state

মনোনয়ন দাখিল কৰিবলৈ আহি আৱেগিক হৈ পৰিল প্ৰাৰ্থী

ৰূপহীহাট বিধানসভা সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰিছিল এইগৰাকী ৰফিকুলে । মনোনয়নত দাখিল কৰিবলগা নথিপত্ৰৰ খেলি-মেলি হোৱাৰ বাবেই বুধবাৰে প্ৰাৰ্থীগৰাকীৰ নথি পৰীক্ষণ কৰি বাতিল কৰে নিৰ্বাচনী বিষয়াই ।

By

Published : Mar 10, 2021, 8:52 PM IST

মনোনয়ন প্ৰত্ৰ দাখিল কৰিবলৈ আহি আবেগিক হৈ পৰিল এগৰাকী প্ৰাৰ্থী
মনোনয়ন প্ৰত্ৰ দাখিল কৰিবলৈ আহি আবেগিক হৈ পৰিল এগৰাকী প্ৰাৰ্থী

নগাঁও,10 মাৰ্চঃ ৰাজ্যত সমাগত নিৰ্বাচন ৷ ইতিমধ্যে 27 মাৰ্চত 47 সমষ্টিত হ’বলগীয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ দিন অন্ত পৰিছে ৷ পিছে নিৰ্বাচনৰ পূৰ্বেই মনত বহু দুখ,ক্ষোভ এগৰাকী প্ৰাৰ্থীৰ । পেছাত এগৰাকী গাড়ীচালক, নাম ৰফিকুল ইছলাম ।

ৰূপহীহাট বিধানসভা সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰিছিল এইগৰাকী ৰফিকুলে । মনোনয়নত দাখিল কৰিবলগা নথিৰ খেলি-মেলি হোৱাৰ বাবেই বুধবাৰে নথি পৰীক্ষণ কৰি নিৰ্দলীয় প্ৰাৰ্থী ৰফিকুলৰ মনোনয়ন বাতিল কৰে নিৰ্বাচনী বিষয়াই । ইপিনে ৰূপহীহাটবাসীক সোণৰ কাঁহীত ভাত খুৱাবলৈ বিধায়ক হোৱাৰ সপোন দেখিছিল এইগৰাকী ৰফিকুলে । পিছে সপোন বাস্তৱায়িত কৰিবলৈ আৰম্ভ কৰা যাত্ৰাৰ আৰম্ভণিতে কেণা লাগিল ৰফিকুলৰ ।

মনোনয়ন দাখিল কৰিবলৈ আহি আৱেগিক হৈ পৰিল প্ৰাৰ্থী

বুধবাৰে মনোনয়ন বাতিল হোৱাৰ পিছতেই আৱেগিক হৈ উচুপি উঠিল ৰফিকুল । কিন্তু হাৰ নামানে ৰফিকুলে ৷ এইবাৰ মনোনয়ন বাতিল হ’ল কি হ’ল, আকৌ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব ৷ এইবাৰ সম্ভৱ নহলেও ভৱিষ্যতে বিধায়ক হোৱাৰ ইচ্ছা থিৰাং কৰিছে ৰফিকুল ইছলামে । মুঠতে বিধায়ক হৈ ৰাইজৰ সেৱা কৰিব আৰু নিজৰ বহুদিনীয়া মনৰ সপোন পূৰণ কৰিব ৰফিকুলে ৷

লগতে পঢ়কঃউজনিত কংগ্ৰেছৰ কোনো প্ৰভাৱ নাই: মন্ত্ৰী পীয়ুষ হাজৰিকা

ABOUT THE AUTHOR

...view details