অসম

assam

ETV Bharat / state

বহিঃৰাজ্যৰ পৰা পুনৰ নিখোজ অসমৰ যুৱক - অসমৰ যুৱক ৰহস্যজনকভাৱে সন্ধানহীন

সংস্থাপনৰ সন্ধানত চেন্নাইলৈ যোৱা অসমৰ যুৱক ৰহস্যজনকভাৱে সন্ধানহীন পশ্চিমবংগৰ পৰা ৷ নিখোজ যুৱকজনৰ সংক্ৰান্তত ধিং আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে ৷

বহিঃৰাজ্যত নিখোজ অসমৰ যুৱক

By

Published : Sep 28, 2019, 8:35 PM IST

বটদ্ৰৱা, 28 ছেপ্টেম্বৰঃ চেন্নাইলৈ কামৰ সন্ধানত যোৱা অসমৰ যুৱক সন্ধানহীন হ'ল পশ্চিমবংগত ৷ প্ৰাপ্ত তথ্য মতে, ধিঙৰ ধুপগুৰিৰ মফিজুল ইচলাম নামৰ যুৱকজনে আন দুজন বন্ধু ক্ৰমে মুজ্জামিল হক আৰু আশ্বাদুল ইচলামৰ সৈতে ১৪ ছেপ্টেম্বৰত কামৰ সন্ধানত চেন্নাইলৈ গৈছিল যদিও বিশেষ অসুবিধাৰ বাবে ২৩ ছেপ্টেম্বৰৰ দিনা পুনৰ ঘূৰি আহে অসমলৈ ৷ কিন্ত ২৪ ছেপ্তেম্বৰৰ দিনা আহি থকা অৱস্থাত পশ্চিমবংগৰ দুৰ্গাপুৰ ৰে'ল ষ্টেচনৰ পৰা ৰহস্যজনক ভাৱে নিখোজ হয় মফিজুল ইচলাম নামৰ যুৱকজন ৷ এই কথা পৰিয়ালৰ লোকক ফোন কৰি জনায় লগৰ দুই বন্ধুৱে ৷ উল্লেখ্য যে, ২৬ ছেপ্টেম্বৰত লগত যোৱা দুই বন্ধু আহি উপস্থিত হয় ধুপগুৰিৰ নিজ ঘৰত ৷ নিখোজ যুৱকজনৰ সংক্ৰান্তত ইতিমধ্যেই মফিজুলৰ মাতৃয়ে ধিং আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ৷

বহিঃৰাজ্যত নিখোজ অসমৰ যুৱক

ABOUT THE AUTHOR

...view details