অসম

assam

By

Published : Aug 9, 2019, 3:12 PM IST

ETV Bharat / state

কিয় খং উঠিল বিধায়িকা আঙুৰলতাৰ ?

শুকুৰবাৰে বটদ্ৰৱাৰ কপাহেৰা স্বাস্থ্য কেন্দ্ৰত উপস্থিত হয় বিধায়িকা আঙুৰলতা । স্বাস্থ্য কেন্দ্ৰটোত উপস্থিত হৈ কেন্দ্ৰটোত দেখিলে কৰ্মচাৰী সকলৰ অনিয়মিত উপস্থিতি ৷ যাৰ বাবে খঙত টিঙিৰ তোলা হৈ পৰে বিধায়িকাগৰাকী ৷

স্বাস্থ্য কেন্দ্ৰত উপস্থিত বিধায়িকা আঙুৰলতা

বটদ্ৰৱা,9আগষ্ট : খঙত অগ্নিশর্মা বিধায়িকা আঙুৰলতা ৷ বিধায়িকা গৰাকীয়ে স্বাস্থ্য কেন্দ্ৰত উপস্থিত হৈ নাপালে চিকিৎসকক ৷ স্বাস্থ্য কেন্দ্ৰত ৰৈ-ৰৈ বিধায়িকা গৰাকী হৈ পৰিল অতিস্থ ৷

স্বাস্থ্য কেন্দ্ৰত উপস্থিত বিধায়িকা আঙুৰলতা

শুকুৰবাৰে বটদ্ৰৱাৰ কপাহেৰা স্বাস্থ্য কেন্দ্ৰত উপস্থিত হয় বিধায়িকা আঙুৰলতা । স্বাস্থ্য কেন্দ্ৰটোত উপস্থিত হৈ কেন্দ্ৰটোত দেখিলে কৰ্মচাৰী সকলৰ অনিয়মীত উপস্থিতি ৷ কৰ্মচাৰীৰ অনিয়মিয়া উপস্থিতিৰ বাবে খঙত টিঙিৰি তোলা হৈ পৰে বিধায়িকা আঙুৰলতা ৷ আঙুৰলতাৰ কৰ্মচাৰীলৈ নিৰ্দেশ সময়মতে স্বাস্থ্য কেন্দ্ৰত উপস্থিত হৈ আগবঢ়াওক চিকিৎসা সেৱা । ইফালে চিকিৎসালয়খনত উপস্থিত হৈ ৰোগী সকলৰ লগত বাৰ্তালাপ কৰে বিধায়িকাগৰাকীয়ে । ৰাইজৰ অভিযোগ চিকিৎসকৰ অভাৱত ৰোগ নিৰাময়ৰ ক্ষেত্ৰত বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে ৰোগীসকলে ৷ সেয়েহে অতি শীঘ্ৰে স্থায়ী চিকিৎসকে স্থাস্থ্য কেন্দ্ৰটোত আহি ৰোগী সকলক নিয়মিত চিকিৎসা সেৱা প্ৰদানৰ দাবী উত্থাপন কৰে স্থানীয় ৰাইজে ৷

ABOUT THE AUTHOR

...view details