অসম

assam

ETV Bharat / state

বটদ্ৰৱাত উদ্ধাৰ সদ্যজাত শিশুৰ মৃতদেহ - বটদ্ৰৱাত সদ্যজাত শিশুৰ মৃতদেহ উদ্ধাৰ

কোনো অসৎ লোকে অবৈধ মাতৃত্বৰ বোজা ঢাকিবলৈ এনেদৰে নৱজাতকক পেলাই থৈ যোৱাৰ লগতে নিশাৰ পৰা অৱহেলিত হৈ পথত পৰি থকাৰ বাবেই শিশুটিৰ মৃত্যু হোৱাৰ সন্দেহ স্থানীয় লোকৰ ।

বটদ্ৰৱা
বটদ্ৰৱা

By

Published : Dec 28, 2019, 11:54 AM IST

বটদ্ৰৱা, 28 ডিচেম্বৰ:অবৈধ মাতৃত্বৰ বোজা ঢাকিবলৈ নিশা ঠেটুৱৈ লগা জাৰত কোনো হৃদয়হীনা মহিলাই সদ্যোজাত সন্তানক পেলাই থৈ গ'ল পথৰ দাঁতিত ৷ শনিবাৰে বটদ্ৰৱাৰ ডুমডুমীয়া ৰাইচ মিলৰ সমীপত পথৰ দাঁতিত পৰি থকা এটা ক'লা পলিথিনৰ ভিতৰত উদ্ধাৰ হয় এটি নৱজাত শিশুৰ মৃতদেহ । প্ৰাতঃভ্ৰমণলৈ অহা এজন ব্যক্তিয়ে পৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰে নৱ জাতকটিৰ মৃতদেহটো।

উদ্ধাৰ সদ্যজাত শিশুৰ মৃতদেহ

কোনো অসৎ লোকে অবৈধ মাতৃত্বৰ বোজা ঢাকিবলৈ এনেদৰে নৱজাতকক পেলাই থৈ যোৱাৰ লগতে নিশাৰ পৰা অৱহেলিত হৈ পথত পৰি থকাৰ বাবেই শিশুটিৰ মৃত্যু হোৱাৰ সন্দেহ স্থানীয় লোকৰ। ঘটনাস্থলীত ইতিমধ্যে ডুমডুমীয়া আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে ৷

লগতে চাওকঃহিমালয়ৰ বিবাদমান ভূমি সন্দৰ্ভত ভাৰত-পাকিস্তানলৈ চীনৰ শান্তি আহ্বান

ABOUT THE AUTHOR

...view details