অসম

assam

ETV Bharat / state

চামগুৰি কংগ্ৰেছৰ বিশল বাইক ৰেলীত শ্ৰীনিবাস ভি কে - চামগুৰি বিধান সভা সমষ্টি

ৰাজ্যৰ কেইবাটাও সমষ্টিত কংগ্ৰেছ সাংগঠনিক শক্তি প্ৰদৰ্শন কৰা পিচত দেওবাৰে চামগুৰি সমষ্টিত উপস্থিত হয় সৰ্ব ভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাস ভি কে ৷ সমষ্টিটোত উপস্থিত হৈয়ে কংগ্ৰেছৰ এক বিশাল বাইক ৰেলীত অংশগ্ৰহণ কৰে যুৱ নেতাজনে ৷ লগত উপস্থিত থাকে বিৰোধী দলৰ উপদলপতি ৰকিবুল হুছেইন, নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক অনিৰুদ্ধ সিং, কংগ্ৰেছ নেত্ৰী সুস্মিতা দেৱ আদি ৷

a bike rally by congress at samaguri constituency
চামগুৰি কংগ্ৰেছৰ বিশল বাইক ৰেলীত শ্ৰীনিবাস ভি কে

By

Published : Jan 24, 2021, 5:13 PM IST

চামগুৰি, 24 জানুৱাৰী : 21 ৰ নিৰ্বাচনৰ মন্ত্ৰণা লৈ দেওবাৰে চামগুৰি বিধান সভা সমষ্টিত উপস্থিত হয় সৰ্ব ভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাস ভি কে ৷ সমষ্টিটোত উপস্থিত হৈয়ে কংগ্ৰেছৰ এক বিশাল ৰেলীত অংশগ্ৰহণ কৰে যুৱ নেতা জনে ৷

চামগুৰি কংগ্ৰেছ কমিতিৰ উদ্যোগত চামগুৰিৰ পৰা আমবাগানলৈকে উলিওৱা হয় এই বিশাল বাইক ৰেলী ৷ উক্ত ৰেলী যুৱ নেতা জনৰ লগতে বিৰোধী দলৰ উপদলপতি ৰকিবুল হুছেইন, নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক অনিৰুদ্ধ সিং, কংগ্ৰেছ নেত্ৰী সুস্মিতা দেৱ লগতে কংগ্ৰেছৰ বহু নেতা কৰ্মীয়ে অংশগ্ৰহণ কৰে ।

উল্লেখ্য যে সৰ্ব ভাৰতীয় যুৱ কংগ্ৰেছৰ নেতা জনে আগন্তুক নিৰ্বাচনক লক্ষ্য কৰি অসমৰ প্ৰায় বিলাক সমষ্টিতে যুদ্ধংদেহী নিৰ্বাচনীক তৎপৰতা সৃষ্টি কৰা পৰিলক্ষিত হৈছে ৷ এই উপলক্ষে দেওবাৰে চামগুৰি সমষ্টিত উপস্থিত হৈ বিশাল বাইক ৰেলীত অংশগ্ৰহণেৰে কংগ্ৰেছৰ সাংগঠনিক শক্তি প্ৰদৰ্শন কৰে যুৱ নেতা শ্ৰীনিবাস ভি কেয়ে ৷

লগতে পঢ়ক: সৰ্বানন্দ সোণোৱালক ত্যাজ্য পুত্ৰ ঘোষণা সদৌ অসম ছাত্ৰ সন্থাৰ

ABOUT THE AUTHOR

...view details