অসম

assam

ETV Bharat / state

কামপুৰ চিউগুৰিত বানসাহাৰ্য কঢ়িয়াই নিয়া নাও দুৰ্ঘটনাগ্ৰস্ত

কামপুৰ চিউগুৰিত মঙলবাৰে নিশা দুৰ্ঘটনাত পতিত হয় বানসাহাৰ্য কঢ়িয়াই নিয়া নাও। কথমপি প্ৰাণ ৰক্ষা ৬জন লোকৰ।

কামপুৰ চিউগুৰিত বানসাহাৰ্য কঢ়িয়াই নিয়া নাও দুৰ্ঘটনাগ্ৰস্ত
কামপুৰ চিউগুৰিত বানসাহাৰ্য কঢ়িয়াই নিয়া নাও দুৰ্ঘটনাগ্ৰস্ত

By

Published : Sep 30, 2020, 11:08 AM IST

বঢ়মপুৰ,২৯ ছেপ্টেম্বৰ : কামপুৰ চিউগুৰিত দুৰ্ঘটনাগ্ৰস্ত হয় বানসাহাৰ্য কঢ়িয়াই নিয়া এখন নাও । মঙলবাৰে নিশা সংঘটিত হয় এই দুৰ্ঘটনা । কথমপি প্ৰাণ ৰক্ষা পৰে ৬জন লোকৰ। কামপুৰ চিউগুৰিৰ পৰা শালমৰা অভিমুখে যাত্ৰা কৰি থকা অৱস্থাতে নাওখন দুৰ্ঘটনাত পতিত হয়। উল্লেখ্য যে, কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ গে'ট খুলি দিয়াৰ পিছতে কামপুৰ আৰু ৰহা ৰাজহ চক্ৰৰ অধীনৰ ৬০খনৰো অধিক গাঁও বানে প্লাবিত কৰিছিল ৷ সম্প্ৰতি বানাক্ৰান্তৰ মাজত সাহাৰ্য বিতৰণৰ ব্যৱস্থা কৰিছে জিলা প্ৰশাসনে ।

মঙলবাৰে ৰহাস্থিত ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা শালমৰালৈ নাৱেৰে সাহাৰ্য লৈ গৈ থকা অৱস্থাতে দুৰ্ঘটনাটো সংঘটিত হয় ৷ নাওখনত কঢ়িয়াই নিয়া খাদ্য সামগ্ৰী পানীত ডুবি যায় ৷ আনহাতে নাওখনেৰে যাত্ৰা কৰা গাঁওবুঢ়া ৰমজান আলীসহ ৬ জন ব্যক্তিক জীৱন্তে উদ্ধাৰ কৰা হয় ৷ কিছু পৰিমাণৰ সামগ্ৰী উদ্ধাৰ হ'ল যদিও বহু সামগ্ৰী বাঢ়নী পানীয়ে উটুৱাই লৈ যায় ৷

লগতে পঢ়ক :যোৰহাট জিলা পৰিষদৰ আজৱ কাণ্ড !


ABOUT THE AUTHOR

...view details