অসম

assam

ETV Bharat / state

সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰিলে নগাঁৱৰ একাংশ ইছলাম ধৰ্মাৱলম্বী লোকে - বিভাজনৰ ৰাজনীতি

শংকৰ-আজানৰ দেশত হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰিলে নগাঁৱৰ কঠিয়াতলীৰ মুছলমান সম্প্ৰদায়ৰ লোকে। ধৰ্মীয় বিবাদক একাশৰীয়া কৰি মহানুভৱতাৰ পৰিচয় দি চিঙৰাপট্টিত মুছলমান সম্প্ৰদায়ৰ একাংশ লোকে হিন্দু ধৰ্মৰ নীতি-নিয়মেৰে সম্পন্ন কৰিলে এজন যুৱকৰ অন্ত্যোষ্টিক্ৰিয়া।

সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰিলে নগাঁৱৰ একাংশ ইছলাম ধৰ্মাৱলম্বী লোকে
সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰিলে নগাঁৱৰ একাংশ ইছলাম ধৰ্মাৱলম্বী লোকে

By

Published : Nov 5, 2020, 12:26 PM IST

বঢ়মপুৰ, ৫ নৱেম্বৰ: হিন্দু-মুছলমানৰ মাজত বিভাজনৰ ৰাজনীতি দুয়োটা সম্প্ৰদায়ৰ মাজৰ সম্প্ৰীতিৰ বান্ধোন দুৰ্বল কৰিবলৈ চেষ্টা কৰাৰ বিপৰীতে হিন্দু যুৱকৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰি নিদৰ্শন দাঙি ধৰিছে নগাঁৱৰ ইছলাম ধৰ্মাৱলম্বী লোকে। নগাঁৱৰ কঠিয়াতলীৰ চিঙৰাপট্টিত মহানুভৱতাৰ পৰিচয় দি মুছলমান সম্প্ৰদায়ৰ লোকে ৰাজেশ কুমাৰ প্ৰসাদ নামৰ এজন হিন্দু যুৱকৰ সত্কাৰ কৰে। বহুদিন ধৰি দুৰাৰোগ্য ৰোগত ভুগি মৃত্যু হোৱা ৰাজেশ কুমাৰৰ শেষকৃত্য সম্পন্ন কৰাৰ বাবে হিন্দু সম্প্ৰদায়ৰ দুই-এজন লোকহে ওলাই আহে।

সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰিলে নগাঁৱৰ একাংশ ইছলাম ধৰ্মাৱলম্বী লোকে

ফলত স কাৰ্য সম্পন্ন কৰাত অসুবিধাৰ সৃষ্টি হয়। সেয়ে, মুছলমান সম্প্ৰদায়ৰ লোকসকলে হাতে-কামে লাগি হিন্দু ধৰ্মৰ নীতি-নিয়ম অনুসৰি শেষকৃত্য সম্পন্ন কৰে। জানিব পৰা মতে, কেইবামাহো ধৰি নৰিয়াত পৰি আছিল ৰাজেশ কুমাৰ। ৰাজেশক চোৱা-চিতা কৰিবলৈ ঘৰত আন কোনো লোক নথকাৰ বাবে দীৰ্ঘদিন ধৰি মুছলমান সমাজে চিকিৎসাৰ লগতে সকলো প্ৰকাৰৰ সহায় আগবঢ়াই আহিছিল।

নগাঁও অসামৰিক চিকিৎসালয়ত ৰাজেশ প্ৰসাদে শেষ নিশ্বাস ত্য়াগ কৰাৰ পিছত বুধবাৰে নিশা সম্পূৰ্ণ হিন্দু নিয়ম-নীতিৰে শ্মশানত সৎকাৰ কৰিলে মুছলমান সমাজে। নগাঁও অসামৰিক চিকিৎসালয়ত মৃত্যু ঘটা ৰাজেশৰ মৃতদেহ নিশা সম্পূৰ্ণ হিন্দু নিয়ম নীতিৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন কৰিলে মুছলমান সম্প্ৰদায়ৰ লোকে। উল্লেখ্য যে, যি সময়ত সমগ্ৰ অসম তথা ভাৰতবৰ্ষত হিন্দু-মুছলমানৰ মাজত একাংশ লোকে বিভাজনৰ ৰাজনীতি কৰি আহিছে, সেই সময়তে কঠিয়াতলীৰ চিঙৰাপট্টিৰ এই ঘটনা সম্প্ৰীতিৰ সাক্ষী হৈ ৰৈছে।

লগতে পঢ়ক:মহিলাসকলক স্বাৱলম্বী কৰাৰ বাবে এক প্ৰয়াস "চেষ্টা"ৰ

ABOUT THE AUTHOR

...view details