অসম

assam

ETV Bharat / state

নগাঁৱত বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই - বাগিছাত বিদ্যালয়

নিৰ্বাচনলৈ মাজত মাথোঁ কেইমাহমান বাকী। কৰ'ণাসৃষ্ট পৰিৱেশৰ মাজতে বি জে পি চৰকাৰৰ আধাৰশিলাৰ ৰাজনীতি ৷ চাহ বাগিছা অঞ্চলত ১১৯ খন বিদ্যালয় নিৰ্মাণৰ চৰকাৰী আঁচনিৰ আধাৰশিলা স্থাপন । নগাঁৱত কন্দলী শগুনবাহী চাহ বাগিছাত বিদ্যালয়ৰ আধাৰশিলা স্থাপন ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকাৰ ৷ সামজিক দূৰত্বৰ চিন-চাবেই নাই আধাৰশিলা স্থাপনৰ অনুষ্ঠানত।

নগাঁৱত বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিলে মন্ত্ৰী পিযুষ হাজৰিকাই
নগাঁৱত বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিলে মন্ত্ৰী পিযুষ হাজৰিকাই

By

Published : Nov 2, 2020, 5:57 PM IST

বঢ়মপুৰ, ২ নৱেম্বৰ: শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণাৰ পিছতে ৰাজ্যৰ চাহ বাগিছা অঞ্চলত ১১৯খন বিদ্যালয় নিৰ্মাণৰ আধাৰ শিলা স্থাপন কৰিলে মন্ত্ৰী-বিধায়কে । সোমবাৰে নগাঁৱৰ কন্দলী শগুনবাহী চাহ বাগিছাত বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকাই ৷ আধাৰশিলা স্থাপনৰ লগত সংগতি ৰাখি এখন ৰাজহুৱা সভাও অনুষ্ঠিত কৰা হয় ৷

নগাঁৱত বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই

পূৰ্বে স্বাস্থ্য বিধি উলংঘন কৰি ক্ষমা খুজিবলৈ বাধ্য হোৱা মন্ত্ৰীগৰাকীৰ আধাৰশিলা স্থাপন অনুষ্ঠানলৈ আহিল দলটোৰ নেত-কৰ্মী । সভাত উপস্থিত থকা বহু লোকৰে মুখত নাই মাস্ক । আধাৰশিলা স্থাপন অনুষ্ঠানত সামজিক দূৰত্বক একাষৰীয়া কৰি থৈ পালিনেতাৰ কাষতে থিয় দিলে মন্ত্ৰীয়ে ।

আনহাতে, মিঞা মিউজিয়াম সন্দৰ্ভত মন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে যে, বিধায়ক শ্বেৰমান আলীয়ে বাহিৰত যিমানেই চিঞৰ-বাখৰ নকৰক কিয় বিধানসভাৰ মজিয়াত মিঞা মিউজিয়াম বিষয়ে কোনো মন্তব্য কৰিবলৈ সুবিধা দিয়া নহ'ব ৷ কোনো কাৰণতে মিঞা মিউজিয়াম স্থাপন কৰা ন'হব বুলিও মন্তব্য কৰাৰ লগতে পুনৰ মিঞা মিউজিয়ামৰ বিষয়ে কোনো কথা ক’বলৈ সাহস নকৰিবলৈ বিধায়ক শ্বেৰমান আলীক সকিয়াই দিয়ে মন্ত্ৰী পীযুষ হাজৰিকাই ৷

লগতে পঢ়ক:সংকটত মৰাপাট কলৰ শ্ৰমিক !

ABOUT THE AUTHOR

...view details