অসম

assam

ETV Bharat / state

কণমানি বাৰ্বীক লাগে এধানিমান সহায় - কলিয়াবৰৰ 6 মহীয়া কণমানি বাৰ্বী

আপোনাৰ অলপমান সহায়ে জীৱন দিব পাৰিব কলিয়াবৰৰ 6 মহীয়া কণমানি বাৰ্বীক

কণমানি বাৰ্বী

By

Published : Oct 11, 2019, 8:59 PM IST

কলিয়াবৰ,11 অক্টোবৰঃ দুৰাৰোগ্য ৰোগত আক্ৰান্ত কলিয়াবৰৰ এগৰাকী ছমহীয়া কণমানি ৷ কলিয়াবৰৰ উলুৱনী গাঁৱৰ বাৰ্বী হাজৰিকা নামৰ কণমানিজনী যকৃতৰ গুৰুতৰ সংক্ৰমণৰ কৱলত ৷ অসমৰ চিকিৎসকৰ পৰামৰ্শ অনুসৰি কণমানিজনীক উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰিব লাগে চেন্নাইলৈ ৷ কিন্তু কণমানি বাৰ্বীক চেন্নাইলৈ নিবলৈ অপাৰগ দৰিদ্ৰ পিতৃ-মাতৃ ৷

কণমানি বাৰ্বী

পিতৃ বিকাশ হাজৰিকাই হায়দৰাবাদৰ এটা ব্যক্তিগত কোম্পানীত দিন হাজিৰা কৰাৰ বিপৰীতে মাতৃ ববিতা হাজৰিকা এগৰাকী সাধাৰণ গৃহিনী। দুখৰ বিষয় যে, সম্প্ৰতি কণমানিজনীৰ যকৃত সম্পূৰ্ণ বিকল হৈ পৰিছে, সেয়ে যকৃত সংৰোপন কৰিবলৈ নিব লাগিব চেন্নাইলৈ ৷ দিন হাজিৰা কৰি পোৱা ধনেৰে পৰিয়ালটো যেনে-তেনে পোহ-পাল দি থকাৰ সময়তে এতিয়া হঠাৎ কণমানি জনী দুৰাৰোগ্য ৰোগত আক্ৰান্ত হোৱাত তাইক উন্নত চিকিৎসাৰ বাবে চেন্নাইলৈ নিবলৈ কোনো প্ৰকাৰে সক্ষম নহয় বাৰ্বীৰ পিত-মাতৃ ৷ কিয়নো কণমানিজনীৰ চিকিৎসাৰ বাবে এতিয়া কেইবালাখ টকাৰ প্ৰয়োজন, কিন্তু তেওঁলোকৰ যি সাঁচতীয়া ধন আছিল সেয়া সমস্ত ধন গুৱাহাটীৰ চিকিৎসাতেই শেষ হ'ল। পিতৃৰ উপাৰ্জনৰ ধনেৰে তাইক সুস্থ কৰাটোও অসম্ভৱ। সেয়ে বৰ্তমান কণমানিজনীক সুস্থ কৰি তুলিবলৈ ৰাইজৰ পৰা কিছু আৰ্থিক সাহাৰ্যৰ লগতে আশীৰ্বাদ কামনা কৰিছে কণমানিজনীৰ পৰিয়ালবৰ্গই। লগতে চৰকাৰৰ ফালৰ পৰাও কণমানিজনীক সুস্থ কৰি তুলিবলৈ আৰ্থিক ভাৱে সহায়ৰ হাত আগবঢ়াবলৈ পৰিয়ালবৰ্গই কাতৰ অনুৰোধ জনাইছে । কণমানিজনীক সহায়ৰ হাত আগবঢ়াব বিচাৰিলে যোগাযোগ কৰিব পাৰিব ৮৭২০৯৫৯৭৫২নম্বৰত ৷ লগতে আৰ্থিক সাহাৰ্য্য প্ৰদান কৰিব পাৰিব তলত উল্লেখ কৰা ঠিকনা অথবা বেংক একাউণ্টতঃ

ঠিকনা :
নাম : গণেশ বৰা
গাঁও : উলুৱনী
পো.অ. : বেঙেনাআটী
থানা : উলুৱনী
পিন : ৭৮২১৩৭
জিলা : নগাঁও
( অসম )

বেঙ্কৰ একাউণ্টৰ সবিশেষ :
একাউণ্টৰ গৰাকী : ববিতা বৰা

একাউণ্ট নম্বৰ : ৩৮০৬২০৭৩৪২০
IFSC : SBIN0004273

বেঙ্ক : ভাৰতীয় ষ্টেট বেঙ্ক
শাখা : কলিয়াবৰ

ABOUT THE AUTHOR

...view details