কামপুৰ, 11 অক্টোবৰ :কামপুৰ কচুৱাৰ 1 নং জুকুটাত সংঘটিত হৈছে এক নৃশংস ঘটনা । পিতৃৰ হাতত প্ৰাণ গ'ল পুত্ৰৰ ৷ দেওবাৰে পুৱা কচুৱা আৰক্ষী থানাৰ অন্তৰ্গত 1 নং জাকাটাত সংঘটিত হয় ঘটনাটো ।
অভিযোগ অনুসৰি, অতুল বিশ্বাস নামৰ পিতৃয়ে মৰিয়াই মৰিয়াই হত্যা কৰিলে সাত বছৰীয়া পুত্ৰ সমীৰ বৰ্মনক ৷ উল্লেখযোগ্য যে, অতুল বিশ্বাসৰ পত্নী চুকলা বিশ্বাসৰ পূৰ্বৰ স্বামীৰ সন্তান আছিল সমীৰ বৰ্মন ।
জানিব পৰা মতে, পত্নীৰ পূৰ্বৰ স্বামীৰ সন্তানটোক গ্ৰহণ কৰি ল'ব পৰা নাছিল অতুল বিশ্বাসে । প্ৰায়ে উক্ত বিষয়ক লৈ সংঘাত সৃষ্টি কৰিছিল অতুল বিশ্বাসে । যাৰবাবে দেওবাৰে এনে সংঘাতৰ চৰম পৰিণিতিৰ ফলতেই এই ঘটনা সংঘটিত হয় ।
উল্লেখ্য যে, ঘটনাস্থলীত ইতিমধ্যে কচুৱা আৰক্ষী উপস্থিত হৈ অতুল বিশ্বাসক আটক কৰাৰ লগতে তদন্ত অব্যাহত ৰাখিছে ।
লগতে পঢ়ক :নাৰী নিৰ্যাতনৰ বিৰুদ্ধে দিঘলীপুখুৰীৰ পাৰত প্ৰতিবাদ