অসম

assam

ETV Bharat / state

জন্মান্ধ প্ৰিয়াই কেনেদৰে দিন কটাইছে আপুনি বাৰু জানেনে ?

১৪ বছৰীয়া প্ৰিয়া কুমাৰী কলিতাৰ জীয়া কাহিনী ৷ বিদ্যালয় বন্ধৰ দিনত প্ৰিয়াই পিতৃ-মাতৃৰ হাতত হাত ধৰি উলিয়াই লৈ যায় নগাঁৱৰ বিভিন্ন ঠাইলৈ । য'ত অন্ধ পিতৃ-মাতৃয়ে খুজি-মাগি যি দুই-এপইচা অৰ্জন কৰে, তাৰেই তিনিজনীয়া পৰিয়ালটোৱে জীৱন নিৰ্বাহ কৰি আছে ৷

By

Published : Jul 26, 2021, 8:02 PM IST

a-14-year-old-girl-has-made-a-life-of-searching-with-blind-parents
অন্ধ পিতৃ-মাতৃৰ সৈতে খুজি-মাগি জীৱন কঠাইছে এগৰাকী 14 বছৰীয়া কিশোৰী

নগাঁও, 26 জুলাই :চৰকাৰে প্ৰতিদিনেই এখন হলেও আঁচনিৰ শুভাৰম্ভ কৰে ৷ ৰাজ্যত দুখীয়া-দৰিদ্ৰ, বিশেষভাৱে সক্ষম সকলোৰে বাবে বিশেষ ব্যৱস্থা লোৱা হ’ব বুলি চৰকাৰে আঁচনি ঘোষণা কৰা প্ৰায়ে দেখিবলৈ পোৱা গৈছে ৷ কিন্তু চৰকাৰী আঁচনিয়ে ঢুকি পাইছেনে সকলোকে ? নে সকলো আঁচনি কাগজ পত্ৰত আৱদ্ধ হৈয়ে সময় উকলি গৈছে ?

নগাঁৱৰ পুৰণিগুদামৰ এগৰাকী কিশোৰীৰ এক জীয়া কাহিনী । 14 বছৰীয়া কিশোৰী গৰাকীৰ নাম প্ৰিয়া কুমাৰী কলিতা ৷ কিশোৰীগৰাকীৰ ঘৰ পুৰণিগুদামৰ গায়ন বৈৰাগী গাঁৱত । অষ্টম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰী গৰাকীৰ পিতৃ-মাতৃ দুয়োজনেই বিশেষভাৱে সক্ষম, জন্মান্ধ ।

অন্ধ পিতৃ-মাতৃৰ সৈতে খুজি-মাগি জীৱন কঠাইছে এগৰাকী 14 বছৰীয়া কিশোৰী

বিদ্যালয় বন্ধৰ দিনত প্ৰিয়াই নিজৰ পিতৃ-মাতৃৰ হাতত হাত ধৰি উলিয়াই লৈ যায় নগাঁৱৰ বিভিন্ন ঠাইলৈ । য'ত অন্ধ পিতৃ-মাতৃয়ে খুজি-মাগি যি দুই-এপইচা অৰ্জন কৰে, সেই দুই-এপইচাৰেই তিনিজনীয়া পৰিয়ালটোৱে জীৱন নিৰ্বাহ কৰি আছে ৷ উল্লেখ্য যে, ক'ভিড সৃষ্ট পৰিস্থিতিৰ ফলত ৰাজ্যত বাহাল হোৱা লক ডাউন তথা কাৰ্ফিউৰ বাবে বিগত দুটা বছৰে অতি দুখ-কষ্টৰ মাজেৰে জীৱন নিৰ্বাহ কৰা দৰিদ্ৰ পৰিয়ালটোক অৱশ্যে গোটাচেৰেক সহায়ৰ হাত আগবঢ়ালে সুহৃদয় বহুজনে ৷

তথাপিও এনে জটিল পৰিস্থিতিত যাৱতীয় সমল নথকাৰ বাবে এতিয়া অনলাইন শিক্ষাগ্ৰহণৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে প্ৰিয়া । দৰিদ্ৰ পৰিয়ালটোৰ লগতে প্ৰিয়াৰ বাবেও সহায়-সহযোগৰ আশা কৰিছে ৰাইজৰ পৰা । এগৰাকী কম বয়সীয়া ছাত্ৰী হৈও হাতত হাত ধৰি প্ৰিয়াই পিতৃ-মাতৃৰ একমাত্ৰ সাৰথি হৈ বুলিছে অন্ধকাৰ জীৱনৰ কণ্টকময় বাট । প্ৰিয়াৰ এই জীৱন সংগ্ৰামত কিঞ্চিত সহায়ৰ নিতান্তই প্ৰয়োজন আপোনালোকৰ দৰে সমৰ্থবানসকলৰ ৷

লগতে পঢ়ক:টিংখাঙৰ এটি কণমানিৰ কঠোৰ জীৱন সংগ্ৰাম...

ABOUT THE AUTHOR

...view details