অসম

assam

ETV Bharat / state

নগাঁৱত নৱম শতিকাৰ ব্ৰজনাথৰ মূৰ্তি প্ৰদৰ্শন

শনিবাৰে সন্ধিয়া নগাঁও সাংস্কৃতিক প্ৰকল্পৰ কাষতে থকা নগাঁও সাহিত্য ভৱনত নৱম শতিকাতে কোনো অজ্ঞাত ভাস্কৰ্য শিল্পীয়ে নিৰ্মাণ কৰা ভগৱান শ্ৰীকৃষ্ণৰ এক মূৰ্তি প্ৰদৰ্শন কৰে নগাঁৱৰ চিত্ৰ-ভাস্কৰ্য শিল্পী বিজয় ভূঞাই ৷

নগাঁৱত নৱম শতিকাৰ ব্ৰজনাথৰ মূৰ্তি প্ৰদৰ্শন
নগাঁৱত নৱম শতিকাৰ ব্ৰজনাথৰ মূৰ্তি প্ৰদৰ্শন

By

Published : Feb 28, 2021, 10:32 PM IST

নগাঁও, 28 ফেব্ৰুৱাৰী:নৱম শতিকাতে কোনো অজ্ঞাত ভাস্কৰ্য শিল্পীয়ে নিৰ্মাণ কৰা ভগৱান শ্ৰীকৃষ্ণৰ এক মূৰ্তি মেৰামতি কৰি প্ৰদৰ্শন কৰে নগাঁৱৰ এগৰাকী চিত্ৰ-ভাস্কৰ্য শিল্পীয়ে । এই শিল্পী গৰাকীৰ নাম হৈছে বিজয় ভূঞা । শনিবাৰে সন্ধিয়া নগাঁও সাংস্কৃতিক প্ৰকল্পৰ কাষতে থকা নগাঁও সাহিত্য ভৱনত এই প্ৰদৰ্শনীৰ ব্যৱস্থা কৰে শিল্পী গৰাকীয়ে ৷

উল্লেখ্য যে, বৰোদাৰ মহাৰাজা শায়াজীৰাও গাইকোৱাড শিক্ষানুষ্ঠানৰ পৰা ফাইন আৰ্টচত স্নাতক ডিগ্ৰী গ্ৰহণ কৰা এই চিত্ৰ-ভাস্কৰ্য শিল্পী ভূঞাই ভাৰতবৰ্ষৰ বহু চিত্ৰ-ভাস্কৰ্যৰ শিক্ষানুষ্ঠানত আৰু সংগ্ৰহালয়ত প্ৰাচীন সামগ্ৰী কেনেদৰে সংৰক্ষণ কৰিব লাগে তাৰ প্ৰশিক্ষণ লৈছিল । তেওঁ মাজুলী, পাঠশালা আদিত পুৰণি গছৰ চিকিৎসা কৰি সংৰক্ষণ কৰা, আলিপুখুৰী সত্ৰ, কোবাই কটা সত্ৰ, লেতেৰী শলগুৰি সত্ৰ, বালি সত্ৰ, কলিয়া গোসাই থান, ভোগবাৰী সত্ৰ, ন সত্ৰ আদি বিভিন্ন সত্ৰত গৈ সেই সত্ৰ সমূহত থকা প্ৰাচীন সম্পদ সমূহ পৰিস্কাৰ কৰি সংৰক্ষণৰ ব্যৱস্থা কৰিছে ।

নগাঁৱত নৱম শতিকাৰ ব্ৰজনাথৰ মূৰ্তি প্ৰদৰ্শন

লগতে ভূঞাই কয় যে, ঐতিহ্যমণ্ডিত সম্পদ সমূহ সংৰক্ষণ কৰাটো আমাৰ প্ৰত্যেকৰে দায়িত্ব । কাৰণ ইয়াত আমাৰ ঐতিহ্য, পৰম্পৰা আৰু সংস্কৃতি জড়িত হৈ থাকে। আমাৰ এই প্ৰাচীন সম্পদ সমূহেই আমাৰ গৌৰৱ আৰু স্বাভিমানৰ প্ৰতীক।

লগতে পঢ়ক:সংকটৰ গৰাহত ভোগদৈ নৈ: স্থানীয় লোকৰ পূজা-অৰ্চনা

ABOUT THE AUTHOR

...view details