অসম

assam

ETV Bharat / state

আজি সুধাকণ্ঠৰ 96 সংখ্যক জন্মজয়ন্তী: কেনে আছে ভূপেন দাৰ আপোন ঘৰখন... - 96th Birth Day of Bharat Ratna Bhupen Hazarika

আজি সুধাকণ্ঠ, জাতিৰ হিয়াৰ আমঠু ভূপেন হাজৰিকাৰ 96 সংখ্যক জন্মজয়ন্তী (96th Birth Day of Bharat Ratna Bhupen Hazarika) ৷ ৰাজ্যজুৰি পালন হৈছে সুধাকণ্ঠৰ এই বিশেষ দিন ৷ কিন্তু উকা হৈ ৰ’ল ভূপেন দাৰ অতিকৈ আপোন ঘৰখন ৷ কেনে আছে ভূপেন দাৰ অতিকৈ মৰমৰ ঘৰখন?

96th Birth Day of Bharat Ratna Dr. Bhupen Hazarika
96th Birth Day of Bharat Ratna Dr. Bhupen Hazarika

By

Published : Sep 8, 2022, 8:11 AM IST

Updated : Sep 8, 2022, 9:03 AM IST

কলিয়াবৰ, 8 ছেপ্টেম্বৰ:"কলিয়াবৰ মোৰ আপোন ঠাই, বৰ আপোন ঠাই, কুঠৰীত জিৰণি বিচাৰি হঠাৎ মোৰ জীৱন য’ত থমকি ৰয়..." আজি জাতিৰ হিয়াৰ আমঠু, সুধাকণ্ঠ ভূপেন হাজৰিকাৰ 96 সংখ্যক জন্মজয়ন্তী (96th Birth Day of Bharat Ratna Bhupen Hazarika) ৷ ৰাজ্যজুৰি পালন হৈছে সুধাকণ্ঠৰ এই বিশেষ দিন (Bhupen Hazarika birthday celebrated across Assam) ৷ কিন্তু উকা হৈ ৰ’ল ভূপেন দাৰ অতিকৈ আপোন ঘৰখন৷ কেনে আছে ভূপেন দাৰ অতিকৈ মৰমৰ ঘৰখন?

১৯৭৪ চনত শিল্পপ্ৰাণ চন্দ্ৰ ফুকনৰ আহ্বানত কলিয়াবৰৰ কুঠৰীত সুধাকণ্ঠই এটি ঘৰ সাজিছিল, 'আপোন ঘৰ' পাতিছিল ৷ আশা আছিল, জীৱনৰ বিয়লি বেলা অসমৰ কৃষ্টি-সংস্কৃতি সংৰক্ষণৰ ব্যৱস্থা কৰি এক আশ্ৰম ৰূপে গঢ় দিয়াৰ ৷ পিছে, সেই আশা পূৰণ হোৱা দূৰৰে কথা, ঘটনাচক্ৰত পৰি সেই ঘৰ-মাটি বিক্ৰী কৰে ভূপেন দাই ৷

ভূপেনদাৰ ঘৰ-মাটিৰ নতুন গৰাকীয়ে ঘৰৰ লগতে এছোৱা ভূমি ভূপেনদাৰ স্মৃতিত এৰি দিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল ৷ স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তৰ তৎপৰতাত বৰ্তমানৰ চৰকাৰখনৰ মাজুলীত বহা প্ৰথমখন কেবিনেট বৈঠকত ড৹ ভূপেন হাজৰিকাৰ কুঠৰীৰ বাসগৃহটো সংৰক্ষণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ৷ সুধাকন্ঠ ড৹ ভূপেন হাজৰিকাৰ কুঠৰিস্থিত বাসগৃহটি সংৰক্ষণ কৰি ইয়াত এটি সাংস্কৃতিক প্ৰকল্প গঢ়ি তোলাৰ কলিয়াবৰীয়া ৰাইজ তথা ভূপেনদাৰ গুণমুগ্ধসকলৰ দীৰ্ঘদিনীয়া দাবী আছিল।

ইয়াৰ পিছতে ৰাইজ তথা ভূপেনদাৰ গুণমুগ্ধসকলৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি সন্মান জনাই কলিয়াবৰ সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই কুঠৰিস্থিত বাসগৃহত ইতিমধ্যে ভূপেনদাৰ প্ৰতিমূৰ্তি স্থাপন কৰি থৈছে । যোৱা ২ জুন তাৰিখে সাংস্কৃতিক মন্ত্ৰী বিমল বৰা কুঠৰিস্থিত বাসগৃহত উপস্থিত হৈ শীঘ্ৰে উক্ত স্থানত এটি সংস্কৃতিক প্ৰকল্প নিৰ্মাণ হ'ব বুলি সাংবাদিকক জানিবলৈ দিছিল ৷ এই পৰিদৰ্শন কালত বিশ্ব বৰেণ্য শিল্পী ভাৰত ৰত্ন সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ কুঠৰীস্থিত বাসগৃহটোৰ পৰিসৰত প্ৰস্তাৱিত সাংস্কৃতিক প্ৰকল্প আৰু যাদুঘৰ নিৰ্মাণৰ কাম অনতিপলমে খৰতকীয়াকৈ নিৰ্মাণৰ পোষকতা কৰিছিল । তাৰ কাৰণে যাৱতীয় পুঁজি যোগানৰ ক্ষেত্ৰত ৰাজ্য সাংস্কৃতিক মন্ত্ৰীৰূপে কৰণীয় সকলোখিনি আন্তৰিকতাৰে কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল মন্ত্ৰী বিমল বৰাই ।

আজি সুধাকণ্ঠৰ 96 সংখ্যক জন্মজয়ন্তী

উল্লেখযোগ্য যে, কলিয়াবৰৰ তদানীন্তন বিধায়ক তথা বৰ্তমানৰ মন্ত্ৰী কেশৱ মহন্তৰ প্ৰচেষ্টাত সুধাকণ্ঠৰ কুঠৰীস্থিত বাসগৃহটোক এক সাংস্কৃতিক প্ৰকল্পলৈ ৰূপান্তৰিত কৰাৰ আঁচনি হাতত লৈছিল । পৰৱৰ্তী কালত দুৰ্ভাগ্যজনকভাৱে বাসগৃহটোৰ চৌহদৰ ভূমি বিবাদে বিষয়টোত জটিলতাৰ সৃষ্টি কৰিছিল ৷ যোৱা ২৭ আগষ্ট তাৰিখে শিল্পপ্ৰাণ চন্দ্ৰ ফুকনৰ স্মৃতি দিৱসত উপস্থিত হৈ স্থানীয় বিধায়ক তথা ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই প্ৰস্তাৱিত সাংস্কৃতিক প্ৰকল্পটোত আহি পৰা জটিলতাৰ বিষয়ে আলোকপাত কৰে ৷

মন কৰিবলগীয়া যে ভূপেন দাৰ বাসগৃহ সাত বিঘা ভূমি সমাহৰ্তা তথা নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ে অধিগ্ৰহণ কৰি অধিকৃত ভূমিসহ ভূপেনদাৰ গৃহটি হস্তান্তৰ কৰিছিল ৰাজ্য চৰকাৰৰ সাংস্কৃতিক বিভাগক । সুধাকণ্ঠৰ নামত থকা কলিয়াবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত দ্বাৰবাগৰি মৌজাৰন-জান গাঁৱৰ পটা নম্বৰ ১৫ আৰু দাগ নম্বৰ ২৮৮, ২৯০ আৰু ২৯১ দাগৰ মুঠ ৭ বিঘা ভূমি নিৰ্দেশনা নং এন আৰ কে১৬/২০১৮/১৩৭ (NRK 16/2018/137) তাং১৫/০৭/২১(dt. 15/07/21) মৰ্মে জিলা উপায়ুক্তৰ প্ৰতিনিধি হিচাপে অতিৰিক্ত উপায়ুক্ত মহকুমাধিপতি পৱিত্ৰ কুমাৰ দাসে ১৬ জুলাই তাৰিখে ভূমিসহ গৃহটি হস্তান্তৰ কৰিছিল ।

কিন্তু এতিয়াও আঁতৰ নাই আইনী মেৰপেছ ৷ যোৱা দুটা বছৰ ভূপেনদাৰ আপোন ঘৰখন উকা হৈ ৰোৱাৰ লগতে এইবেলিও নিৰৱ-নিতাল হৈয়ে ৰ'ল । তথাপিও, গুণমুগ্ধৰ, কলিয়াবৰীয়া ৰাইজৰ আশা ভূপেনদাৰ 'আপোন ঘৰ'ৰ আইনী জটিলতা আঁতৰক, ভূপেনদাৰ মনৰ আশা পূৰণ হওক ।

লগতে পঢ়ক:আজি সুধাকন্ঠ ড৹ ভূপেন হাজৰিকাৰ দশম সংখ্যক মৃত্যুবাৰ্ষিকী

Last Updated : Sep 8, 2022, 9:03 AM IST

ABOUT THE AUTHOR

...view details