অসম

assam

ETV Bharat / state

9 বজাৰ 10 টা গুৰুত্বপূৰ্ণ খবৰ - 9 AM TOP TEN NEWS

9 বজাৰ 10 টা গুৰুত্বপূৰ্ণ খবৰ

9 বজাৰ 10 টা গুৰুত্বপূৰ্ণ খবৰ
9 বজাৰ 10 টা গুৰুত্বপূৰ্ণ খবৰ

By

Published : Jan 22, 2021, 9:04 AM IST

কৰিমগঞ্জৰ মন্দিৰত উদ্ধাৰ গো-মাংস

কৰিমগঞ্জৰ কালিগঞ্জত থকা সন্যাসীবাড়ি মন্দিৰত গো-মাংস উদ্ধাৰ হোৱাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ৷ আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি ৷

দেশৰ প্ৰথমটো গ্ৰীণ ষ্টুডিঅ’ হিচাপে পৰিগণিত জ্যোতি চিত্ৰবন

জ্যোতি চিত্ৰবন হৈছে দেশৰ প্ৰথমটো পূৰ্ণাংগ গ্ৰীণ ষ্টুডিঅ’ য’ত সৌৰ ৰশ্মিক শক্তি হিচাপে ব্যৱহাৰ কৰা হয় ৷ জ্যোতি চিত্ৰবনত যোৱা ২০১৮ বৰ্ষত ভাৰতীয় বিজ্ঞান প্ৰযুক্তিবিদ্যা অধীনস্থ Assam Energy Development Agency (AEDA) ৰ সহযোগত ৭০ লাখ পুঁজিৰে স্থাপন কৰা হৈছিল দুটা ছ'লাৰ প্লেন। য'ৰ পৰা ১৪৮ কিলোৱাট বিদ্যুৎ উৎপন্ন হয়।

73 বছৰে বিদ্যুতৰ পোহৰ নেদেখা মিছামাৰীৰ এখন গাঁও

স্বাধীনতাৰ 73 বছৰ পাৰ হোৱাৰ পাচতো কেৰাচিনৰ চাকিৰে পোহৰ হোৱা এখন গাঁও ৷ শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ উত্তৰ মেজেংজুলি গাঁৱৰ গাঁওবাসীয়ে আজিলৈকে লাভ নকৰিলে বিদ্যুৎ সেৱা ৷

লালু প্ৰসাদ যাদৱৰ স্বাস্থ্যৰ অৱনতি !

আৰজেডি প্ৰধান লালু প্ৰসাদ যাদৱৰ বৃহস্পতিবাৰে পুনৰ স্বাস্থ্যৰ অৱনতি ৷ লালু প্ৰসাদ যাদৱে শ্বাস-প্ৰশ্বাস লোৱাত অসুবিধাৰ সন্মুখীন হৈছে ৷

পীযুষ হাজৰিকাৰ মন্তব্যই চিন্তাত পেলাইছে বিজেপিৰ সংখ্যালঘু নেতাক

ধিং আৰু ৰূপহীহাট বিধানসভা সমষ্টিত শাসকীয় দলৰ নেতাসকলে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সময়তে বুধবাৰে দলটোৰ নেতাসকলক নিৰাশ কৰিলে একেই দলৰে মন্ত্ৰী পীযুষ হাজৰিকাই ৷ দুয়োটা সমষ্টিতেই বিজেপিৰ পৰিৱৰ্তে কংগ্ৰেছ অথবা এআইইউডিএফ দলৰ প্ৰাৰ্থীহে জয়লাভ কৰিব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷ মন্ত্ৰীগৰাকীৰ মন্তব্যই যেন চেঁচা পানী ঢালিছে দলীয় নেতাসকলৰ মনত ৷

গণৰাজ্য দিৱসত মুকলি আকাশৰ তললৈ আহিব একাংশ কাৰাবন্দী !

আগন্তুক গণৰাজ্য দিৱসত মুকলি আকাশৰ তললৈ আহিব একাংশ কাৰাবন্দী ৷ যিসকল কাৰাবন্দীয়ে বিভিন্ন গোচৰত কাৰাগাৰত ইতিমধ্যে 14 বছৰ ধৰি কাৰাবাস খাতি আছে তেওঁলোকৰ বাবে ৰেহাইৰ ব্যৱস্থা কৰি লোৱা হৈছে এই বিশেষ পদক্ষেপ ৷ ৰাজ্যৰ বিভিন্ন কাৰাগাৰত বন্দী হৈ থকা প্ৰায় 103 গৰাকী কাৰাবন্দীক গণৰাজ্য দিৱসৰ দিনা মুকলি কৰি দিয়া হ'ব ৷

অসহনীয় ! এটা দুৰ্ঘটনাই চূৰমাৰ কৰি দিয়ে একোখনকৈ ঘৰ

পথ দুৰ্ঘটনা ৰোধ কৰিবলৈ বিভাগৰ কৰ্মচাৰী আৰু স্বেচ্ছাসেৱী সংগঠনৰ সদস্য সহিতে বেনাৰ লৈ ঘৰে ঘৰে চলাইছে প্ৰচাৰ অভিযান ৷ ই অভিযানত বিভিন্ন পৰিয়াল পৰ্যবেক্ষণ কৰাত পোহৰলৈ আহিল বহু হৃদয় বিদাৰক ঘটনা ৷ যদি কোনো সুঠাম যুৱক দীৰ্ঘদিন পংগু হৈ বিচনাত আছে, আন কোনোবা দুৰ্ভগীয়া পিতৃৰ হিয়া ভগা কান্দোন ৷ এই দৃশ্য যেন অসহনীয় !

বিজেপি প্ৰাৰ্থীৰ হাতলৈ যাব নেকি কলিয়াবৰ লোকসভা সমষ্টিৰ অধীনৰ পাঁচোটা সমষ্টি !

শীৰ্ষ নেতৃবৰ্গৰ উপস্থিতিত কলিয়াবৰ লোকসভা সমষ্টিৰ অন্তৰ্গত পাঁচোটা বিধানসভা সমষ্টিতেই বিজেপিৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ দাবী তোলে বিজেপিৰ নেতা-কৰ্মীয়ে। বিজেপিৰ উত্তৰ পূৰ্বাঞ্চলৰ সাংগঠনিক সম্পাদক অজয় জামোৱাল, ৰাষ্ট্ৰীয় উপ-সভাপতি তথা উত্তৰ-পূৱৰ সহ-প্ৰভাৰী পৱন শৰ্মাৰ উপস্থিতিতে উত্থাপন দাবী।

ৰূপহীহাটত তৰুণ গগৈৰ চিতাভষ্ম বিসৰ্জন

ৰূপহীহাটৰ বিধায়ক নুৰুল হুদা,গটঙা গাঁও পঞ্চায়তৰ প্ৰাক্তন পঞ্চায়ত সভাপতি জীৱন বৰাৰ উপৰিও স্থানীয় বহু ব্যক্তিৰ উপস্থিতিত সম্পূৰ্ণ ৰীতি নীতিৰ মাজেৰে প্ৰয়াত মুখ্যমন্ত্ৰী গগৈৰ চিতাভষ্ম সোনাই নৈত বিসৰ্জন দিয়া হয় ৷

ধেমাজিত অসম জাতীয় পৰিষদৰ বিক্ষোভ কাৰ্যসূচী

প্ৰতিবাদীসকলে হাতে হাতে বেনাৰ , প্লে কাড’ লৈ লাইকা দধীয়া দূগ’ত ৰাইজক পুনৰসংস্থাপিত কৰা, বান গৰাখহনীয়া ক্ষতিগ্ৰস্ত লোক সকলক ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপন প্ৰদান কৰা, ভূমিহীন লোকক ভূমি আৰু পট্টা প্ৰদান কৰাৰ লগতে হৰি শংকৰ ব্ৰহ্ম কমিটিৰ প্ৰতিবেদন কাৰ্যকৰী কৰাাৰ দাবী জনায় ৷

ABOUT THE AUTHOR

...view details