নগাঁও, 5 ডিচেম্বৰ : শনিবাৰে দুপৰীয়া নগাঁৱৰ হয়বৰগাঁৱত ড্ৰাগছৰ ঘাটিত অভিযান চলালে নগাঁও আৰক্ষীৰ এটা বৃহৎ দলে । নগাঁও চহৰৰ দক্ষিণ হয়বৰগাঁৱত আৰক্ষীৰ দলে অভিযান চলাই হেৰ'ইনসহ বুজন পৰিমাণৰ নিচাজাতীয় দ্ৰব্য জব্দ কৰাৰ লগতে আঠ জনকৈ লোকক আটক কৰিবলৈ সক্ষম হয় । দক্ষিণ হয়বৰগাঁৱৰ ধুনু দাস নামৰ লোকজনৰ ঘৰতে দীৰ্ঘদিন ধৰি ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই অহাৰ অভিযোগ উত্থাপন হৈ আহিছে ।
নগাঁৱত নিষিদ্ধ ড্ৰাগছসহ ৮ জনক আটক - নগাঁও আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক
নগাঁৱৰ হয়বৰগাঁৱত ড্ৰাগছৰ ঘাটিত অভিযান চলালে নগাঁও আৰক্ষীৰ এটা বৃহৎ দলে। নগাঁও চহৰৰ দক্ষিণ হয়বৰগাঁৱত আৰক্ষীৰ দলে অভিযান চলাই হেৰ'ইনসহ বুজন পৰিমাণৰ নিচাজাতীয় দ্ৰব্য জব্দ কৰাৰ লগতে আঠ জনকৈ লোকক আটক কৰিবলৈ সক্ষম হয় ।
নগাঁৱত নিষিদ্ধ ড্ৰাগছসহ ৮ জনক আটক
শনিবাৰে নগাঁও আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক অনিতা হাজৰিকাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে এক তথ্যৰ ভিত্তিত অভিযান চলায় ধুনু দাসৰ বাসগৃহত । অভিযানৰ সময়ত পত্নীসহ ধুনু দাস পলায়ন কৰে যদিও পৰিয়ালটোৰ চাৰিজনকৈ সদস্যসহ মুঠ আঠজনকৈ লোকক ড্ৰাগছৰ এই ঘাটিৰ পৰাই আটক কৰে আৰক্ষীৰ দলটোৱে ।
লগতে পঢ়ক: নিৰ্বাচনী প্ৰচাৰ সভা নহয়, যেন সাংস্কৃতিক অনুষ্ঠানহে !