ৰূপহীহাট, 17 এপ্ৰিল : ৰূপহীহাটৰ গড়াজানত ভূমিকেন্দ্ৰিক সংঘাতক কেন্দ্ৰ কৰি দুটা ফৈদৰ মাজত হিংসাত্মক ঘটনা ৷ সংঘাতৰ ফলত দুয়ো ফৈদৰ মহিলা সহ ৭ জন লোক আহত হৈছে ৷ আহত সকলৰ ভিতৰত তিনিজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ৷ আহত তিনিজন লোকক উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হয় ৷
ৰূপহীহাটত দুটা ফৈদৰ মাজত ভূমিকেন্দ্ৰিক সংঘাতত আহত 7 - চোকা অস্ত্ৰৰে আক্ৰমণ
ৰূপহীহাটৰ গড়াজানত ভূমিকেন্দ্ৰিক সংঘাতক কেন্দ্ৰ কৰি দুটা ফৈদৰ মাজত সৃষ্টি হয় হিংসাত্মক ঘটনা ৷ উক্ত হিংসাত্মক ঘটনাত দুয়ো ফৈদে পৰস্পৰে পৰস্পৰক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে ৷ যাৰ ফলত দুয়ো ফৈদৰ 7 গৰাকী লোক আহত হ’বলগীয়া হয় ৷
![ৰূপহীহাটত দুটা ফৈদৰ মাজত ভূমিকেন্দ্ৰিক সংঘাতত আহত 7 7-people-injured-in-rupohihat-over-land-dispute](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11435737-thumbnail-3x2-landdispute.jpg)
ৰূপহীহাটত দুটা ফৈদৰ মাজত ভূমিকেন্দ্ৰিক সংঘাত, আহত 7
ৰূপহীহাটত দুটা ফৈদৰ মাজত ভূমিকেন্দ্ৰিক সংঘাতত আহত 7
ঘটনা সন্দৰ্ভত জানিব পৰা মতে, শুকুৰবাৰে বিয়লি গড়াজান আৰক্ষী চকীৰ অন্তৰ্গত পশ্চিম ফুটালজাৰত শুকুৰ আলী আৰু নেকিবুৰ ৰহমান নামৰ দুজন লোকৰ নেতৃত্বত দুটা ফৈদৰ মাজত সংঘাত হয় ৷ ভূমিকেন্দ্ৰিক সংঘাতৰ ফলত সৃষ্টি হোৱা উক্ত হিংসাত্মক ঘটনাত দুয়ো ফৈদে পৰস্পৰে পৰস্পৰক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে ৷ এই আক্ৰমণ- প্ৰত্যাক্ৰমণত দুয়ো ফৈদৰ 7গৰাকী লোক আহত হ’বলগীয়া হয় ৷
লগতে পঢ়ক: ৰঙিয়াৰ মধুকুছিত বজ্ৰ পৰি দপ দপকৈ জ্বলি উঠিল নাৰিকল গছ
Last Updated : Apr 17, 2021, 1:33 PM IST