কলিয়াবৰ, 26 এপ্ৰিল: লক ডাউনৰ সময়ছোৱাত তিনিদিনৰ বাবে গ্ৰীণ জ‘নৰ অন্তৰ্ভুক্ত বিভিন্ন জিলাত আবদ্ধ হৈ থকা লোকসকলক অন্য জিলাত প্ৰৱেশৰ অনুমতি প্ৰদান কৰা হৈছে যদিও ৰেড জ'নৰ অন্তৰ্ভুক্ত জিলাৰ পৰা বাহিৰলৈ ওলোৱাত নিষেধাজ্ঞা জাৰী কৰা হৈছে । পিছে চৰকাৰ তথা প্ৰশাসনৰ নিষেধাজ্ঞাকো আওকাণ কৰি কলিয়াবৰত "ৰেড জ'ন"ৰ পৰা ওলাই আহি প্ৰৱেশ কৰিছে গ্ৰীণ জ'নত। কিন্তু এই ক্ষেত্ৰত প্ৰশাসনৰ হাতত নাই এনেদৰে লুকাই চোৰকৈ অহা লোকৰ কোনো তথ্য । কলিয়াবৰটো সোমাইছে ইয়েলো আৰু "ৰেড জ'ন"ৰ পৰা অহা লোক । ৰেড জ'নৰ পৰা কিমান লোক কলিয়াবৰত প্ৰৱেশ কৰিছে, কেনেকৈ প্ৰৱেশ কৰিলে,তাৰ তথ্য নাই প্ৰশাসনৰ ওচৰত । স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল পাতি ৰেড জ'নৰ মানুহ অন্য জিলালৈ যাব নোৱাৰিব বুলি কৰা ঘোষণা কাৰ্যত সফল হোৱা নাই কলিয়াবৰত । কেৱল কলিয়াবৰৰ শেনচোৱা গাঁৱতেই দুদিনৰ ভিতৰত ৰেড জ'ন মৰিগাঁও জিলাৰ পৰা আহি প্ৰৱেশ কৰিছে সাতজনকৈ লোকে । কিন্তু আশ্চৰ্যজনক ভাৱে এই সন্দৰ্ভত কোনো তথ্য নাই প্ৰশাসনৰ ওচৰত ।
ৰেড জ'নৰ অন্তৰ্ভুক্ত জিলাৰ পৰা কলিয়াবৰত আহি সোমাইছে সাতজনকৈ লোক! - ৰেড জ'ন
কলিয়াবৰৰ শেনচোৱা গাঁৱতেই দুদিনৰ ভিতৰত ৰেড জ'ন মৰিগাঁও জিলাৰ পৰা আহি প্ৰৱেশ কৰিছে সাতজনকৈ লোকে । সমগ্ৰ কলিয়াবৰত আৰু কিমানজন "ৰেড জ'ন"ৰ পৰা আহি সোমাই আছে তাৰ কোনো নিশ্চয়তা নাই ।
![ৰেড জ'নৰ অন্তৰ্ভুক্ত জিলাৰ পৰা কলিয়াবৰত আহি সোমাইছে সাতজনকৈ লোক! 7 people entered to green zone from red zone in kaliabor](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6947935-thumbnail-3x2-kaliabor.jpg)
ৰেড জ'নৰ অন্তৰ্ভুক্ত জিলাৰ পৰা কলিয়াবৰত আহি সোমাইছে সাতজনকৈ লোক
ৰেড জ'নৰ অন্তৰ্ভুক্ত জিলাৰ পৰা কলিয়াবৰত আহি সোমাইছে সাতজনকৈ লোক
এইয়া মাত্ৰ এটা অঞ্চলৰ এটা উদাহৰণ । সমগ্ৰ কলিয়াবৰত আৰু কিমানজন "ৰেড জ'ন"ৰ পৰা আহি সোমাই আছে তাৰ কোনো নিশ্চয়তা নাই । সৌভাগ্যৰ কথা যে শিলঘাট স্বাস্থ্য কেন্দ্ৰৰ নিজা তৎপৰতাত বাহিৰৰ পৰা অহা লোকসকলক স্বাস্থ্য পৰীক্ষা কৰাই হোম কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰিছে । "ৰেড জ'ন"ৰ পৰা অন্য জিলালৈ কোনো লোক আহিব নোৱাৰাৰ চৰকাৰী সিদ্ধান্ত কঠোৰভাবে কাৰ্যকৰী কৰিবৰ বাবে দাবী জনাইছে সচেতন ৰাইজে ।
লগতে পঢ়ক :কৰ'ণা ভাইৰাছঃ আজিৰ দিনটোত ভাৰতৰ সমগ্ৰ সমীক্ষা