ৰূপহীহাট,22 এপ্ৰিল: ৰাজ্যত ব্যাপক হাৰত বৃদ্ধি পাবলৈ ধৰিছে ক’ভিড-19 ৰ সংক্ৰমণ ৷ ৰূপহীহাটত বৃহস্পতিবাৰে সাতজনৰ দেহত ধৰা পৰে ক’ভিড-19 অৱস্থিতি ৷ ইয়াৰে পাঁচজন লোক জুৰিয়াৰ ৷ এওঁলোকৰ ভিতৰত নেপাল দে আৰু পত্নী ৰুণু দে ক’ভিড-19 ত আত্ৰুান্ত হোৱাৰ লগতে তেওঁলোকৰ পৰিয়ালৰ আন তিনিজনৰ শৰীৰত ধৰা পৰিছে ক’ভিডৰ অৱস্থিতি ।
ৰূপহীহাটত সাতজনৰ দেহত ক’ভিড-19 - জুৰিয়া
ৰূপহীহাটত সাতজনৰ দেহত ক’ভিড-19 অৱস্থিতি ৷ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ক’ভিড পৰীক্ষা কৰাত ধৰা পৰে কৰ’ণাৰ অৱস্থিতি ৷
ৰূপহীহাটত সাতজনৰ দেহত ক’ভিড-19
বিশেষ সূত্ৰৰ খবৰ অনুসৰি আটাইকেইগৰাকী ক’ভিড আত্ৰুান্ত লোক শিলঘাটত অশোক অষ্টমীৰ স্নানত অংশগ্ৰহণ কৰিছিল ৷ ইয়াৰ উপৰিও গড়াজানৰ আন দুজন লোকৰ দেহত ধৰা পৰিছে ক’ভিডৰ অৱস্থিতি ৷ তেওঁলোক ক্ৰমে পিণ্টু মৌলিক আৰু মাতৃ পাৰ্বতী মৌলিক । প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ক’ভিড পৰীক্ষা কৰাত ধৰা পৰে কৰ’ণাৰ অৱস্থিতি ৷
লগতে পঢ়ক :বকোত ৰাভা হাছং স্মৃতিশৌধৰ শুভ উদ্বোধন