নগাঁও/নলবাৰী, 17 নৱেম্বৰ:ৰাজ্যত অনৈতিক কাৰ্যকলাপৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসন যিমানেই সষ্টম হৈছে সিমানেই অতপালি বাঢ়িছে অপৰাধীৰ (Assam police raid against Immoral activities) ৷ আৰক্ষীৰ চকুত ধুলি ছটিয়াই ন ন কৌশলেৰে অপৰাধ কৰিবলৈ এৰা নাই অপৰাধীয়ে ৷ দীৰ্ঘদিন ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত জুৱাৰ ঘাটিৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে ৷ এইবাৰ একেদিনাই দুঠাইৰ পৰা নগদ ধনসহ জুৱাৰী আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে (Gambler arrested in across Assam)৷
বুধবাৰে নলবাৰী জিলাৰ দৌলশালত চলি থকা এটা জুৱাৰ ঘাটিত দৌলাশাল আৰক্ষীয়ে এক অভিযান চলাই তিনিটা জুৱাৰী আটক কৰিবলৈ সক্ষম হয় (Gambler arrested in Nalbari) ৷ জুৱাৰী কেইটাৰ পৰা আৰক্ষীয়ে নগদ এক লাখ দুই হাজাৰ টকা, জুৱা খেলত ব্যৱহৃত সামগ্ৰী আৰু তিনিটা মোবাইল ফোন জব্দ কৰে ৷ ধৃত জুৱাৰী কেইটা দৌলাশালৰ গুনীন্দ্ৰ বৈশ্য, মাজদিয়াৰ ফজল আলী আৰু ছাটা গাঁৱৰ চৰফ আলী বুলি জানিব পৰা গৈছে (3 Gambler arrested at Doulsala)৷
জুৱাৰ ঘাটিটোত কেইবাটাও জুৱাৰী আছিল যদিও আৰক্ষী অহাৰ উমান পাই বাকী জুৱাৰীকেইটা পলায়ন কৰে ৷ উল্লেখযোগ্য যে অঞ্চলটোত দীৰ্ঘদিন ধৰি বৃহৎ জুৱাৰ ঘাটিটো চলি আছিল ৷