নগাঁও, 30মে':মহামাৰী কৰ'ণা বিৰোধী যুঁজখনত সন্মুখৰ পৰাই নেতৃত্ব দিছে চিকিৎসক তথা চিকিৎসা কৰ্মীসকলে ৷ তাৰেই পৰিপ্ৰেক্ষিতত আজি নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত স্থাপিত COVID-19 হাস্পাতালত 7 দিন নিৰন্তৰভাৱে সেৱা আগবঢ়োৱা চিকিৎসক আৰু চিকিৎসা কৰ্মীৰ প্ৰথমটো দলক উষ্ম আদৰণি জনোৱা হয় ।
চিকিৎসালয় চৌহদতে সামাজিত দূৰত্ব বজাই ৰাখি তিনিগৰাকী চিকিৎসক, তিনিগৰাকী নাৰ্ছ আৰু তিনিগৰাকী চাফাই কৰ্মীক আদৰণি জনায় নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা আৰু জিলা উপায়ুক্ত যাদৱ শইকীয়াই । বিধায়ক ৰূপক শৰ্মাই কৰ'ণা যোদ্ধাসকলৰ কৰ্মক শলাগ লৈ যোদ্ধাসকলৰ মনোবল বৃদ্ধিৰ বাবেই তেওঁলোকক উষ্ম আদৰণি জনোৱাৰ কথা সাংবাদিকক জানিবলৈ দিয়ে ৷ ইপিনে নগাঁৱৰ ৯ গৰাকীকৈ কৰ'ণা যোদ্ধাক চহৰখনৰ এখন হোটেলত ৰাখি কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰা হৈছে বুলি জানিবলৈ দিয়ে জিলা উপায়ুক্ত যাদৱ শইকীয়াই ।