নগাঁও,25 জুন: বৃহস্পতিবাৰে ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফলে আনন্দমুখৰ পৰিৱেশ সৃষ্টি কৰিছে নগাঁৱৰ কলংপাৰ বিদ্যাপীঠ চৌহদত ৷ বিদ্যালয়খনৰ হৰ্ষিতা বৰঠাকুৰ নামৰ ছাত্ৰীগৰাকীয়ে কলা শাখাত ষষ্ঠ স্থান দখল কৰিবলৈ সক্ষম হোৱাত সৃষ্টি হৈছে এই পৰিৱেশ ৷
470 নম্বৰ লাভেৰে কলা শাখাৰ ষষ্ঠ স্থানত হৰ্ষিতা বৰঠাকুৰ
25 গৰাকীকৈ কৃতিমানে উজলাই তুলিলে নগাঁও জিলা ৷ সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফলত সৰ্বাধিক স্থানপ্ৰাপ্ত জিলা হিচাপে উজলি উঠা নগাঁৱৰ হৰ্ষিতা বৰঠাকুৰে লাভ কৰিবলৈ সক্ষম হৈছে কলা শাখাৰ ষষ্ঠ স্থান ৷
470 নম্বৰ লাভেৰে কলা শাখাৰ ষষ্ঠ স্থানত হৰ্ষিতা বৰঠাকুৰ
সংবাদ মাধ্যমৰ আগত ভৱিষ্যতে এগৰাকী অধ্যাপক হোৱাৰ ইচ্ছা ব্যক্ত কৰে কৃতি ছাত্ৰী গৰাকীয়ে ৷ হৰ্ষিতাই আজৰি পৰত গান শুনি ভাল পোৱাৰ লগতে বিশেষ দখল ৰাখিছে কাব্য চৰ্চাতো ৷ ফলাফলৰ কৃতিত্ব অভিভাৱকৰ লগতে শিক্ষকসকলক প্ৰদান কৰা ছাত্ৰীগৰাকীৰ নাছিল কোনো অধ্যয়নৰ নিৰ্দিষ্ট সময় ৷
লগতে চাওকঃবাণিজ্যত অষ্টম স্থান দখলেৰে উজলিল নলবাৰীৰ প্ৰিয়া জৈন