অসম

assam

ৰহাত বিজেপিত যোগদান 50 গৰাকী কংগ্ৰেছ কৰ্মীৰ

By

Published : Aug 17, 2020, 1:05 PM IST

ৰহাত কংগ্ৰেছ দলৰ সদস্য পদ ত্যাগ কৰি বিজেপিত আনুষ্ঠানিকভাৱে যোগদান 50 গৰাকী নেতা কৰ্মীৰ ৷ ফুলগুৰি গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি গুবিন পাটৰৰ নেতৃত্বত 50 জনীয়া এটা দলে যোগদান কৰে বিজেপিত ৷

50 Congress member joined BJP at Raha
ৰহাত বিজেপিত যোগদান 50 গৰাকী কংগ্ৰেছ কৰ্মীৰ

ৰহা, 17 আগষ্টঃ2021 বৰ্ষৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰহাত আৰম্ভ হৈছে কংগ্ৰেছ দলৰ খহনীয়া ৷ কংগ্ৰেছ দলৰ সদস্য পদ ত্যাগ কৰি বিজেপিত আনুষ্ঠানিকভাৱে যোগদান 50 গৰাকী নেতা কৰ্মীৰ ৷ উল্লেখ্য যে, ফুলগুৰি গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি গুবিন পাটৰৰ নেতৃত্বত দেওবাৰে ৫০ জনীয়া এই দলটোৱে, ৰহা সমষ্টিৰ বিধায়ক ডিম্বেশ্বৰ দাসৰ বাসভৱনত বিজেপি দলত যোগদান কৰে ।

ৰহাত বিজেপিত যোগদান কংগ্ৰেছ কৰ্মীৰ

ৰহা ব্লকৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি যতীন শইকীয়াই আঁত ধৰা অনুষ্ঠানটোত যোগদান কৰি প্ৰাক্তন কংগ্ৰেছী নেতা গুবিন পাটৰে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাম কাজ , ৰাম মন্দিৰৰ আৰম্ভণি আদি বিষয়ত সন্তুষ্ট হৈ বিজেপি দলত যোগদান কৰা বুলি মন্তব্য কৰে । অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰহা সমষ্টিৰ বিধায়ক ডিম্বেশ্বৰ দাসে ৰহা সমষ্টিত অতি সোনকালে এহেজাৰ যুৱকে বিজেপিত যোগদান কৰাৰ কথাও ব্যক্ত কৰে ৷

লগতে পঢ়ক- কলিয়াবৰত 17 ফুট দৈৰ্ঘ্যৰ অজগৰ উদ্ধাৰ

ABOUT THE AUTHOR

...view details