বঢ়মপুৰ,13 ছেপ্তেম্বৰ: শনিবাৰে নিশা নগাঁৱৰ কামপুৰৰ তেতেলিসৰাত সৃষ্টি হৈছে এক উত্তেজনাময় পৰিস্থিতিৰ ৷ কামপুৰ আৰক্ষীয়ে খেদি যোৱাত ভয়তে নিশাৰী নৈত জাপ দিয়ে ৫ জন যুৱকে ৷ বৰ্তমান সন্ধানহীন অৱস্থাত আছে এজন যুৱক ৷ সন্ধানহীন যুৱকজন তেতেলিসৰাৰ চি.আই.এছ.এফ জোৱান দেৱাশীষ দাস বুলি জানিব পৰা গৈছে ৷
প্ৰাপ্ত তথ্য অনুসৰি, নিশা পশ্চিম তেতেলিসৰাৰ শিৱ মন্দিৰত কেইজনমান যুৱক একগোট হৈ থকা অৱস্থাতে কামপুৰ আৰক্ষীৰ তহলদাৰী দল এটা মন্দিৰত উপস্থিত হয় ৷ আৰক্ষীৰ ভয়ত পলায়ন কৰিবলৈ গৈ যুৱক কেইজনে নিশাৰী নৈত জাপ দিয়ে । ইয়াৰ পাচতে স্থানীয় ৰাইজে 4 জন যুৱকক উদ্ধাৰ কৰে যদিও এজনক বৰ্তমানো দেৱাশীষ দাস নামৰ চি.আই.এছ.এফ জোৱানজন সন্ধানহীন হৈ আছে ৷
কামপুৰত নৈত জাপ দিলে 5 জন যুৱকে ইফালে ঘটনা সংঘটিত হোৱা কিছু সময় পাচতে কামপুৰ কঠিয়াতলী পথত টায়াৰ জ্বলাই উত্তেজিত হৈ পৰে স্থানীয় ৰাইজ ৷ ৰাজপথত টায়াৰ জ্বলাই আৰক্ষীৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ । খবৰ দিয়াৰ দুঘণ্টা পাৰ হৈ যোৱাৰ পাচতো ঘটনাস্থলীত আৰক্ষী উপস্থিত নোহোৱাৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে ৷ লগতে, এই সমগ্ৰ ঘটনাৰ বাবে কামপুৰ আৰক্ষী থানাৰ উপ-পৰিদৰ্শক গিয়াছ উদ্দিন জগৰীয়া বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ।
কামপুৰত নৈত জাপ দিলে 5 জন যুৱকে সন্ধানহীন জোৱানজনৰ সন্ধানত SDRF আৰু NDRF বাহিনীয়ে নিশাৰী নৈত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও এই মুহুৰ্তলৈকে কোনো সম্ভেদ পোৱা নাই । আনহাতে, সমগ্ৰ ঘটনাটো দুৰ্ভাগ্যজনক বুলি মত প্ৰকাশ কৰি উচ্চপদস্থ আৰক্ষী বিষয়াই কয় যে, অঞ্চলটোত দীৰ্ঘদিনৰ পৰা নিচাযুক্ত দ্ৰব্যৰ বেহা চলি থকাৰ বাবে তহল দিছিল আৰক্ষীয়ে।
লগতে পঢ়ক:বিধায়িকা নন্দিতা দাসৰ বিৰুদ্ধে জাঙোৰ খাই উঠিল অগপ