কলিয়াবৰ, ৩ মে': সমগ্ৰ দেশৰ লগতে ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাইছে ক'ভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা । ৰাজ্যত ক'ভিডৰ দ্বিতীয় ঢৌৱে ক্ৰমান্বয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । শেহতীয়াকৈ নগাঁৱৰ কলিয়াবৰত পুনৰ পাঁচজনৰ দেহত ক'ভিডৰ অৱস্থিতি ধৰা পৰে ।
আক্ৰান্ত কেইজনৰ ভিতৰত চাৰিজনৰ জখলাবন্ধা গ্ৰাম্য চিকিৎসালয় ক'ভিড পৰীক্ষা কেন্দ্ৰত ধৰা পৰে ক'ভিডৰ অৱস্থিতি । আনহাতে, কুঁৱৰীটোলৰ ক্ষুদ্ৰ স্বাস্থ্য কেন্দ্ৰৰ ক'ভিড পৰীক্ষা কেন্দ্ৰত এজনৰ দেহত ধৰা পৰে ক'ভিডৰ অৱস্থিতি ।