অসম

assam

By

Published : Jun 11, 2023, 1:39 PM IST

ETV Bharat / state

Assam Govt Job: হাজাৰ হাজাৰ নিবনুৱাই নিযুক্তি লাভ কৰা পাচতে বিজয় তাঁতীৰ উচুপনি

২০১১ চনৰ পৰা তেওঁ কুঠৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিনা বেতন কাম কৰিলেও অৱশেষত চাকৰি হেৰুৱালে বিজয় তাঁতীয়ে (Service in School without salary)। চৰকাৰে নতুনকৈ নিয়োজিত কৰা চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ বাবেই এতিয়া তেওঁ হতাশাত ভুগিছে ।

Service in School without salary
কুঠৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়

কুঠৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়

কলিয়াবৰ, ১১ জুন :বিগত ১২ বছৰে এখন বিদ্যালয়ত অস্থায়ীভাৱে নিয়োগ হৈ থকা এজন যুৱকৰ জীৱনলৈ হঠাৎ নামি আহিল অমানিশা । শেহতীয়াকৈ চৰকাৰে নিয়োগ কৰা চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ বাবেই বিদ্যালয়ৰ চতুৰ্থ বৰ্গৰ পদ হেৰুৱালে কুঠৰীৰ বিজয় তাঁতীয়ে । বিগত ১২ বছৰ ধৰি কুঠৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিনা বেতনৰে চতুৰ্থ বৰ্গৰ কৰ্মত নিয়োজিত হৈ আছিল কুঠৰীৰ জগদম্বা চাহ বাগিছাৰ বিজয় তাঁতী । কিন্তু চৰকাৰে নতুনকৈ নিয়োজিত কৰা চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ বাবেই এতিয়া হুমুনিয়াহ কাঢ়িব লগা হৈছে কৰ্মচাৰীজনে ।

২০১১ চনৰ পৰা তেওঁ কুঠৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিনা বেতন কাম কৰিলেও বিজয়ৰ কোনো ক্ষোভ নাই (Kuthari Higher Secondary School)। পুৱা সময়মতে কুঠৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ বুলি ঢাপলি মেলে । বিদ্য়ালয় ছুটী হোৱাৰ পিছতো সকলো কাম নিয়াৰীকৈ কৰিহে ঘৰলৈ উভতি যায় । চাকৰি হ'ব হ'ব বুলি আশা কৰিয়েই ১২ বছৰে এইখন বিদ্যালয়ত অস্থায়ীভাৱে নিয়োগ হৈ আছিল । চৰকাৰৰ ওচৰত আশা বিগত বাৰ বছৰে বিনা বেতনৰে নিষ্ঠাৰে দায়িত্ব পালন কৰা বিজয় তাঁতীৰ ওপৰত সুদৃষ্টি প্ৰদান কৰক।

উল্লেখ্য় যে চাকৰি স্থায়ীকৰণ হোৱাৰ আশাতে এইজন কৰ্মচাৰীয়ে বিদ্যালয়ত পাৰ কৰিলে ১২ টা বছৰ (Assam govt recruitment 3rd and 4th grade)। কিন্তু চৰকাৰে শেহতীয়াকৈ চতুৰ্থ বৰ্গ কৰ্মচাৰীৰ নতুন নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰা পিচতেই বিজয় তাঁতীৰ দৰে অবৈতনিক কৰ্মচাৰীৰ পৰিয়াললৈ নামি আহিছে অশনি সংকেত । তেওঁ ক্ষোভেৰে কয় যে চৰকাৰে তেওঁলোকৰ কথা এবাৰো ভাবি নাচালে ।

ৰাজ্য় চৰকাৰৰ নতুন নিযুক্তিয়ে এফালে হাজাৰ হাজাৰ নিবনুৱা যুৱক-যুৱতীৰ বাবে এক আশাৰ সঞ্চাৰ কঢ়িয়াই আনিলেও এইসকলৰ দৰে দুৰ্ভগীয়া কৰ্মচাৰীৰ এতিয়া হাজাৰটা সমস্যায়ে তেওঁলোকৰ জীৱন দুৰ্বিসহ কৰিছে (Job not regularized even after many years)। তেওঁলোকৰ বিনা বেতনেৰে কাম কৰা সেৱাক চৰকাৰে মূল্য দিবনে বুলি সকলোৱে প্ৰশ্ন কৰিছে । যাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক তেওঁলোকৰ এনে সমস্যাৰ পৰা উদ্ধাৰ কৰি উক্ত পদতেই চাকৰিত নিযুক্তি প্ৰদান কৰিবলৈ বিজয় তাঁতীয়ে কাতৰ আহ্বান জনাইছে ।

লগতে পঢ়ক:Sanghati Divas in Guwahati : চন্দ্ৰপুৰত আছুৰ ছাত্ৰ সংহতি দিৱস পালন; খাদ্য আন্দোলনৰ শ্বহীদ গজেন ইংতি, পুতুল শইকীয়াক স্মৰণ

ABOUT THE AUTHOR

...view details