নগাঁও, 29 জানুৱাৰী: নগাঁৱত অনুষ্ঠিত হ’ল এখন সমূহীয়া বিবাহ অনুষ্ঠান(Nagaon mass marriage) ৷ দেওবাৰে নগাঁৱৰ হুজ গাঁও বৰনামঘৰত সম্পন্ন কৰা হয় 42 যোৰা দৰা-কইনাৰ সমূহীয়া বিবাহ । সমূহীয়া বিয়া উপলক্ষে দেওবাৰে পুৱাই এক উখল-মাখল পৰিৱেশে বিৰাজ কৰে নগাঁৱৰ হুজ গাওঁ বৰনামঘৰত ।
বিশেষকৈ বিয়াৰ বাবে উপযুক্ত বয়স হোৱাৰ পিছতো আৰ্থিক অসুবিধাৰ বাবে বিবাহ কাৰ্য সম্পন্ন কৰিব নোৱাৰা যুৱক-যুৱতীৰ বিবাহ সম্পন্ন কৰাৰ উদ্দেশ্যে হুজ গাওঁ বৰনামঘৰে আয়োজন কৰে সমূহীয়া বিবাহৰ । হুজ গাঁৱৰ বৰনামঘৰত ভকতৰ আশীৰ্বাদ গ্ৰহণ কৰি আজিৰে পৰা তেওঁলোকে পাতনি মেলিব নতুন জীৱনৰ(42 couples get married in Nagaon) । গীত, নৃত্য আৰু উৰুলিৰ মাজেৰে দৰা-কইনাৰ গাত মাহ, হালধি সানি নোৱোই-ধুৱাই ধৰ্মীয় ৰীতি-নীতিৰে সম্পন্ন কৰা হয় বিবাহ ৷ হোমৰ জুইক সাক্ষী কৰি সম্পন্ন হ’ল 42খনকৈ বিয়া(Mass marriage in Nagaon) ৷
উল্লেখ্য যে, ইয়াৰ পূৰ্বেও হুজ গাঁৱৰ ৰাইজে হুজ গাওঁ বৰনামঘৰত সম্পন্ন কৰিছিল সমূহীয়া বিবাহ । আৰ্থিকভাৱে দুৰ্বল লোকসকলক সকাহ দিয়াৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা সদৰী কৰে নামঘৰ পৰিচালনা সমিতিয়ে ৷ প্ৰথমাৱস্থাত 45খন বিয়া একেলগে সম্পন্ন হোৱাৰ কথা আছিল যদিও বিশেষ কাৰণবশতঃ তিনিখন বিয়া পিছুৱাই দিয়া হয় বুলিও উল্লেখ কৰিছে নামঘৰ পৰিচালনা সমিতিয়ে ৷ এই সমূহ বিবাহত দৰা-কইনাৰ পৰিয়ালবৰ্গ তথা আত্মীয়ৰ লগতে উপস্থিত থাকে স্থানীয় বহুলোক ৷