অসম

assam

By

Published : Jun 25, 2021, 6:58 AM IST

ETV Bharat / state

চাৰিবছৰীয়া কৰ্কট ৰোগী শিশুৰ দেহত ক'ভিড পজিটিভ

নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ শিক্ষকে দেখুৱাইছে মহানুভৱতা । শিশু আৰু মহিলাৰ বাবে মহাবিদ্যালয়ত স্থাপন কৰা ক'ভিড কেয়াৰ কেন্দ্ৰত ভৰ্তি হোৱা শিশুসকলৰ বাবে গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা । প্ৰতিটো মুহূৰ্ত নিজে নিৰীক্ষণ কৰিছে শিক্ষকসকলে। শেহতীয়াকৈ কৰ্কট ৰোগত আক্ৰান্ত এটি চাৰিবছৰীয়া ক'ভিড পজিটিভ শিশু চিকিৎসাধীন হৈ আছে মহাবিদ্যালয়ৰ ক'ভিড কেয়াৰ কেন্দ্ৰত।

4-years-old-cancer-patient-got-admitted-in-nagaon-special-covid-care-center
কৰ্কট ৰোগী শিশুৰ দেহত ক'ভিড পজিটিভ

নগাঁও, 25 জুন :নগাঁওৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ শিক্ষকে দেখুৱাইছে মহানুভৱতা। শিশু আৰু মহিলাৰ বাবে মহাবিদ্যালয়ত স্থাপন কৰা ক'ভিড কেয়াৰ কেন্দ্ৰত ভৰ্তি হোৱা শিশুসকলৰ বাবে গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা । প্ৰতি মুহূৰ্ততে ৰোগীসকলক নিজে নিৰীক্ষণ কৰিছে শিক্ষকসকলে । শেহতীয়াকৈ কৰ্কট ৰোগত আক্ৰান্ত এটি চাৰিবছৰীয়া ক'ভিড পজিটিভ শিশু চিকিৎসাধীন হৈ আছে মহাবিদ্যালয়খনৰ ক'ভিড কেয়াৰ কেন্দ্ৰত । সঁচাকৈ নিয়তিৰ নিষ্ঠুৰ পৰিহাস ৷

এটি কুমলীয়া শিশুৰ জীৱনলৈ কঢ়িয়ায় আনিছে এটাৰ পাচত আনটো বিপদ ৷ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয় ক'ভিড কেয়াৰ কেন্দ্ৰত চিকিৎসাধীন হৈ আছে এটি মৰমলগা শিশু ৷ পিছে এই শিশুটি পূৰ্বতে সুস্থ নাছিল ৷ কৰ্কট ৰোগত আক্ৰান্ত হৈ থকা এই দুৰ্ভগীয়া শিশুটি পুনৰ ক’ভিডত আক্ৰান্ত হৈছে ৷ মাত্ৰ চাৰিবছৰীয়া এই শিশুটি বৰ্তমান চিকিৎসাধীন হৈ আছে নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ ক'ভিড কেয়াৰ কেন্দ্ৰত ৷

চাৰিবছৰীয়া কৰ্কট ৰোগী শিশুৰ দেহত ক'ভিড পজিটিভ

চাৰি বছৰ বয়সতে কৰ্কট ৰোগত আক্ৰান্ত নগাঁৱৰ বেবেজীয়াৰ জিতু মণ্ডল নামৰ এই মৰমলগা শিশুটিক গুৱাহাটীৰ পৰা চিকিৎসা কৰি উভতি অহাৰ সময়ত চাপৰমুখত ক'ভিড পৰীক্ষা কৰাত শিশুটিৰ দেহত ধৰা পৰিছে ক'ভিড -19 ৰ অৱস্থিতি ।

কৰ্কট ৰোগত আক্ৰান্ত শিশুটি পুনৰ কৰ'ণাত আক্ৰান্ত হোৱাত চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোক । বুধবাৰে শিশুটিক ভৰ্তি কৰা হয় নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ত স্থাপন কৰা মহিলা আৰু শিশু ক'ভিড কেয়াৰ কেন্দ্ৰত । শিশুটিৰ চিকিৎসাৰ ক্ষেত্ৰত তৎপৰ হৈ আছে ক'ভিড কেয়াৰ কেন্দ্ৰটোত নিয়োজিত চিকিৎসকৰ দল । বিশেষকৈ কস্তুৰী পাল নামৰ এইগৰাকী মহিলা চিকিৎসকে শিশুটিৰ চিকিৎসাৰ ক্ষেত্ৰত প্ৰদান কৰিছে বিশেষ গুৰুত্ব। সম্প্ৰতি শিশুটি সংকটমুক্ত বুলি জনাইছে চিকিৎসকে ।

আন শিশুসকলৰ লগতে এই শিশুটিকো সাহস দিয়াৰ উদ্দেশ্যে পি পি ই কিট পৰিধান কৰি ক’ভিড কেয়াৰ কেন্দ্ৰত প্ৰৱেশ কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ সুৰজিত ভাগৱতীয়ে । শিশুসকলৰ মাজত বিতৰণ কৰিছে চকলেট আদি শিশুৰ বিভিন্ন প্ৰিয় খাদ্য । নগাঁৱৰ ঐতিহ্যমণ্ডিত আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ত বিগত 18 মে'ৰ পৰা মহিলা আৰু শিশুৰ বাবে স্থাপন কৰা হৈছিল ক'ভিড কেয়াৰ কেন্দ্ৰ ।

প্ৰথমৰ পৰাই নৃত্য গীতেৰে ক'ভিড আক্ৰান্ত মহিলাসকলৰ মনোবল বৃদ্ধি কৰিবলৈ সক্ষম হোৱা ক'ভিড কেয়াৰ কেন্দ্ৰটোৰ পৰা এইপৰ্যন্ত 552 গৰাকী মহিলা, 30 গৰাকী শিশু সুস্থ হৈ ঘৰলৈ উভতিছে ৷ জিলাখনত বহুকেইগৰাকী শিশু ক'ভিড -19 ত আক্ৰান্ত হোৱাৰ সময়তো স্বাস্থ্য বিভাগে শিশুসকলৰ বাবে কোনো বিশেষ ব্যৱস্থাগ্ৰহণ কৰা নাই । যাক লৈ উদ্বিগ্ন এতিয়া সচেতন মহল ।

অসমৰ একমাত্ৰ মহাবিদ্যালয়ত স্থাপন কৰা ক’ভিড কেয়াৰ কেন্দ্ৰটোত বৰ্তমানো চলে নাম প্ৰসংগ । প্ৰায় প্ৰতিটো মুহূৰ্ত নিৰীক্ষণ কৰে মহাবিদ্যালয়খনৰ শিক্ষকসকলে । ক'ভিড কেয়াৰ কেন্দ্ৰটোত সেৱা আগবঢ়োৱা আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যক সুৰজিত ভাগৱতীসহ শিক্ষকসকলৰ শলাগ লৈছে নগাঁওবাসীয়ে ।

লগতে পঢ়ক:ক'ভিডত ক্ষতিগ্ৰস্ত সৰ্বসাধাৰণ জনতা: ইটিভি ভাৰতৰ বিশেষ প্ৰতিবেদন

ABOUT THE AUTHOR

...view details