অসম

assam

ETV Bharat / state

33 বছৰৰ অন্তত নগাঁৱৰ পৰা প্ৰকাশ পালে শিশু আলোচনী 'অকণিৰ বাৰ্তা' - সাংবাদিক

নগাঁৱৰ পৰা প্ৰকাশ পালে শিশু আলোচনী 'অকণিৰ বাৰ্তা' ৷ মিলনপুৰ সাংস্কৃতিক চ'ৰাত শুভ উদ্বোধন কৰা হয় আলোচনীখনৰ ৷ চাৰিমাহৰ মূৰে মূৰে অৰ্থাৎ বছৰটোত তিনিটা সংখ্যা প্ৰকাশ কৰাৰ প্ৰাথমিক সিদ্ধান্ত লৈছে আলোচনীখন ৷

Child Magazine OKONIR BARTA
নগাঁৱৰ পৰা প্ৰকাশ পালে শিশু আলোচনী 'অকণিৰ বাৰ্তা'

By

Published : Oct 4, 2020, 8:26 PM IST

নগাঁও, 4 অক্টো়বৰ :সুদীৰ্ঘ 33 বছৰৰ অন্তত পুনৰ নগাঁৱৰ পৰা প্ৰকাশ পালে শিশু আলোচনী'অকণিৰ বাৰ্তা' ৷ অকণিৰ মেলৰ দ্বাৰা প্ৰকাশিত এই 'অকণিৰ বাৰ্তা'ৰ ব্যৱস্থাপনাত আছে প্ৰদীপ কাহাৰ, ডঃ মুনমুন বৰা আৰু বিভূতি শৰ্মা ।

উল্লেখযোগ্য যে, বিশিষ্ট লোক সংস্কৃতিৰ গৱেষক, নিৱন্ধকাৰ হেমন্ত কুমাৰ শইকীয়াৰ তত্বাৱধানত গঠন হোৱা 'অকণিৰ মেল' নামৰ অনুষ্ঠানটোৱে শিশুসকলৰ উত্তৰণৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে । বিগত বৰ্ষত এই অনুষ্ঠানটোৰ তৎপৰতাত শিশু সমাৰোহ অনুষ্ঠিত হৈছিল ।'অকণিৰ মেল'ৰ দ্বাৰা প্ৰকাশিত 'অকণিৰ বাৰ্তা' দেওবাৰে মিলনপুৰ সাংস্কৃতিক চ'ৰাত শুভ উদ্বোধন কৰা হয় ।

নগাঁৱৰ পৰা প্ৰকাশ পালে শিশু আলোচনী 'অকণিৰ বাৰ্তা'

লগতে পঢ়ক :হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে বাক্সাত ৰাইজৰ প্ৰতিবাদ

উক্ত উদ্বোধনী সভাত অংশগ্ৰহণ কৰে নগাঁও জিলা সাহিত্য সভাৰ সভাপতি পৰাণ কুমাৰ বৰুৱাই । অনুষ্ঠানত অংশগ্ৰহণ কৰি 'দৈনিক অসম'ৰ সাংবাদিক চন্দনজ্যোতি বৰাই কয় যে, সম্প্ৰতি ডিজিটেল ব্যৱস্থাৰ বাবে ম'বাইল, ফেচবুক আদিত অধিক সময় শিশু তথা যুৱক-যুৱতী সকল ব্যস্ত থকা বুলি অভিযোগ উঠাৰ সময়তে নগাঁও জিলাৰ মিলনপুৰৰ পৰা প্ৰকাশিত 'অকণিৰ বাৰ্তা'ই এখন মঞ্চ দিছে যত শিশু সকলৰ মাজত গ্ৰন্থ অধ্যয়ন, গল্প-প্ৰৱন্ধ, কবিতা আদি লিখাৰ প্ৰতি উৎসাহ যোগাইছে । সেয়ে 'অকণিৰ মেল'অনুষ্ঠানৰ উদ্যোক্তা সকল ধন্যবাদৰ পাত্ৰ বুলি মন্তব্য প্ৰদান কৰে ।

লগতে পঢ়ক :প্ৰসংগ-হাথৰস কাণ্ডঃ 6 অক্টোবৰত ৰাজ্যজুৰি বিক্ষোভ প্ৰদৰ্শন বামপন্থী তথা কংগ্ৰেছৰ

আনহাতে, অনুষ্ঠানত অংশগ্ৰহণ কৰি শিশু বন্ধু দুলাল বৰা, ভাগ্যলক্ষ্মী মহন্তইও ভাষণ প্ৰদান কৰি শিশু সকলক উৎসাহিত কৰে । অকণিৰ মেলৰ আহ্বায়ক হেমন্ত কুমাৰ শইকীয়াই অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়াই । উন্মোচনী অনুষ্ঠানত নৱনীত নিয়ৰ শইকীয়া, মৃগাংক শ্যাণ্ডিল্য, আৰাধ্যা বৰা, দেৱনন্দনা কাহাৰ, শ্বায়াংক শ্যান্দিল্য, উদয়ন বৰগোঁহাই আদি শিশুসকলে কবিতা আবৃত্তি কৰাৰ লগতে সাধু কয় । 'অকণিৰ মেল'ৰ অন্যতম আহ্বায়ক অচিন্ত্য শৰ্মা, ভুপেন বৰা, বিকাশ পাঠক, ৰিতেন কুমাৰ বৰা, বিপিন বৰগোহাঁই, জ্যোতিপ্ৰসাদ শৰ্মা, ৰাজীৱ কুমাৰ নাথ, ফটো সাংবাদিক নৃপেন শইকীয়া আদিকে বহুতো লোক অনুষ্ঠানটোত উপস্থিত থাকে । অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে নৱ বৰদলৈয়ে । প্ৰকাশ কৰি উলিওবা আলোচনীখন চাৰিমাহৰ মূৰে মূৰে অৰ্থাৎ বছৰটোত তিনিটা সংখ্যা প্ৰকাশ কৰাৰ প্ৰাথমিক সিদ্ধান্ত কৰা হৈছে । আলোচনীখনৰ এটা PDF সংস্কৰণো উন্মোচিত কৰে উক্ত সভাতে ।

নগাঁৱৰ পৰা প্ৰকাশ পালে শিশু আলোচনী 'অকণিৰ বাৰ্তা'

উল্লেখ্য যে, 1987 চনৰ 1989 চনৰ এই সময়ছোৱাৰ ভিতৰত নগাঁও জিলাৰ মিলনপুৰৰ পৰা ভাগ্যলক্ষ্মী মহন্তৰ সম্পাদনাত প্ৰকাশ পাইছিল 'মইনা' নামৰ এখন শিশু আলোচনী । আলোচনীখন প্ৰকাশ পোৱাৰ 33 বছৰৰ পিচত মিলনপুৰৰ পৰাই প্ৰকাশ পাইছে দ্বিতীয়খন শিশু আলোচনী'অকণিৰ বাৰ্তা'

লগতে পঢ়ক :আজিৰ খেলঃ মুম্বাই ইণ্ডিয়ানছৰ সন্মুখত ছানৰাইজাৰ্ছ হায়দৰাবাদ

For All Latest Updates

ABOUT THE AUTHOR

...view details