অসম

assam

By

Published : Jul 9, 2020, 4:23 PM IST

ETV Bharat / state

কলিয়াবৰত পুনৰ কৰ'ণাত আক্ৰান্ত 4 ব্যক্তি

বুধবাৰে স্বাৱ পৰীক্ষাৰ ফলাফলত চিকিৎসালখনৰ চাৰিজনকৈ লোক কৰ'ণা পজিটিভ অহাৰ পাছতে হুৱা-দুৱা লাগে ৰাইজৰ মাজত ৷ দুগৰাকী নাৰ্চ, অন্য এজন লোকৰ লগতে জখলাবন্ধা চিকিৎসালয়ত কৰ্মৰত এগৰাকী নাৰ্চৰ পুত্ৰ কৰ'ণাত আক্ৰান্ত বুলি জানিব পৰৈ গৈছে ।

4 new person Covid 19 Positive at Kaliabor
কলিয়াবৰত পুনৰ কৰ'ণাত আক্ৰান্ত 4 ব্যক্তি

কলিয়াবৰ, 9 জুলাইঃ ভয়াৱহ গণ-সংক্ৰমণৰ দিশে আগবাঢ়িছে কলিয়াবৰ ৷ বুধবাৰে পুনৰ চাৰিজনকৈ লোকৰ দেহত কৰ'ণাৰ উপস্থিতি ধৰা পৰা পাছতে শংকিত হৈ পৰিছে কলিয়াবৰবাসী ৷ জানিব পৰা মতে, 25 জুনত ধুতিৰাম মুণ্ডা নামৰ লোক এজন Covid 19 ত আক্ৰান্ত হোৱা পাছতে সংক্ৰমণ ৰোধৰ বাবে জখলাবন্ধা চিকিৎসালয় দুদিন বন্ধৰ নিৰ্দেশ দিছিল উৰ্দ্ধতন কৰ্তৃপক্ষই । কিন্তু চিকিৎসক-কৰ্মচাৰীৰ স্বাৱ পৰীক্ষাৰ ফলাফল আহি নাপাওঁতেই কলিয়াবৰত চিকিৎসা সেৱা মুকলি কৰি দিয়া হয় ৷ ফলস্বৰূপে অধিক ভয়াৱহ হৈ পৰিছে অঞ্চলটোৰ পৰিস্থিতি ।

লগতে পঢ়কঃ কৰ’ণা আক্ৰান্তৰ মৃতদেহ সৎকাৰক কেন্দ্ৰ কৰি উত্তেজনা

বুধবাৰে স্বাৱ পৰীক্ষাৰ ফলাফলত চিকিৎসালয়খনৰ চাৰিজনকৈ লোক কৰ'ণা পজিটিভ অহা পাছতে হুৱা-দুৱা লাগে ৰাইজৰ মাজত ৷ দুগৰাকী নাৰ্চ, অন্য এজন লোকৰ লগতে এজন জখলাবন্ধা চিকিৎসালয়ত কৰ্মৰত নাৰ্চৰ পুত্ৰ কৰ'ণাত আক্ৰান্ত বুলি জানিব পৰা গৈছে । ইতিমধ‍্যে বুধবাৰৰ নিশাই চাৰিওজনকে নগাঁও কোভিড চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে চিকিৎসালয় কতৃপক্ষই ।

কলিয়াবৰত পুনৰ কৰ'ণাত আক্ৰান্ত 4 ব্যক্তি

একমাত্ৰ স্বাস্থ‍্য বিভাগৰ হেমাহিৰ বাবে কলিয়াবৰত গণ সংক্ৰমণে ভয়ৱহ ৰূপ লোৱাৰ সম্ভাৱনাই দেখা দিছে। কিয়নো, চিকিৎসা কৰ্মী দুগৰাকীয়ে বিগত সময়ছোৱাত চিকিৎসালয়খনত চিকিৎসা সেৱা আগবঢ়াইছিল ।

ABOUT THE AUTHOR

...view details