অসম

assam

By

Published : May 19, 2020, 8:27 PM IST

ETV Bharat / state

নগাঁৱত চিনাক্ত তৃতীয়জন কৰ'ণাত আক্ৰান্ত ৰোগী

ৰাজস্থানত দন্ত চিকিৎসা বিজ্ঞানৰ ছাত্ৰী হিমাশ্ৰী বৰা ১৬ মে' ত উভতি আহিছিল ৰাজস্থানৰ পৰা ৷ৰাজস্থানৰ পৰা অসম আহি উপস্থিত হোৱাৰ সময়তে গুৱাহাটীৰ সৰুসজাই কোৱাৰেণ্টাইন কেন্দ্ৰত ছাত্ৰীগৰাকীৰ স্বাৱ সংগ্ৰহ কৰি কৰ'ণা পৰীক্ষাৰ ব্যৱস্থা কৰিছিল ৷ইয়াৰ লগতে সৰুসজাইৰ কোৱাৰেণ্টাইন শিবিৰত থকাৰ পৰামৰ্শ দিয়া হৈছিল যদিও নগাঁওৰ নিজ বাসগৃহতে হোম কোৱাৰেণ্টাইন হৈ আছিল ছাত্ৰী হিমাশ্ৰী বৰা।কিন্তু আজি ছাত্ৰীগৰাকীৰ স্বাৱৰ ফলাফল প'জিটিভ অহাত হুৱা-দুৱা লাগে সমগ্ৰ আমোলাপট্টিত ৷ ততাতৈয়াকৈ অভিজাত্য অঞ্চলটোত আৰক্ষী প্ৰশাসনৰ লগতে স্বাস্থ্য বিভাগৰ লোক উপস্থিত হৈ ছীল কৰাৰ লগতে সমগ্ৰ অঞ্চল ছেনিটাইজাৰ কৰি Containment Zone হিচাবে ঘোষণা কৰে ৷

3rd Corona positive case in Nagaon
নগাঁৱত চিনাক্ত তৃতীয়জন কৰ'ণাত আক্ৰান্ত ৰোগী

নগাঁও,19মে':ক্ৰমাৎ ৰাজ্যত বৃদ্ধি হৈছে কৰ'ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ আজি নগাঁওত পোহৰলৈ আহিছে কৰ'ণা ভাইৰাছত আক্ৰান্ত তৃতীয়জন ৰোগী ৷নগাঁওৰ আমোলাপট্টি গণতন্ত্ৰ প্ৰেছ তিনিআলিৰ এটা বাসগৃহত হোম কোৱাৰেণ্টাইনত থকা হিমাশ্ৰী বৰা নামৰ এগৰাকী চিকিৎসা বিজ্ঞানৰ ছাত্ৰীৰ দেহত COVID 19 ৰ উপস্থিতি পোৱা গৈছে৷ জানিব পৰা মতে,ৰাজস্থানত দন্ত চিকিৎসা বিজ্ঞানৰ ছাত্ৰী হিমাশ্ৰী বৰা ১৬ মে' ত উভতি আহিছিল ৰাজস্থানৰ পৰা ৷ৰাজস্থানৰ পৰা অসম আহি উপস্থিত হোৱাৰ সময়তে গুৱাহাটীৰ সৰুসজাই কোৱাৰেণ্টাইন কেন্দ্ৰত ছাত্ৰীগৰাকীৰ স্বাৱ সংগ্ৰহ কৰি কৰ'ণা পৰীক্ষাৰ ব্যৱস্থা কৰিছিল ৷ইয়াৰ লগতে সৰুসজাইৰ কোৱাৰেণ্টাইন শিবিৰত থকাৰ পৰামৰ্শ দিয়া হৈছিল যদিও নগাঁওৰ নিজ বাসগৃহতে হোম কোৱাৰেণ্টাইন হৈ আছিল ছাত্ৰী হিমাশ্ৰী বৰা।

নগাঁৱত চিনাক্ত তৃতীয়জন কৰ'ণাত আক্ৰান্ত ৰোগী

কিন্তু আজি ছাত্ৰীগৰাকীৰ স্বাৱৰ ফলাফল প'জিটিভ অহাত হুৱা-দুৱা লাগে সমগ্ৰ আমোলাপট্টিত ৷ ততাতৈয়াকৈ অভিজাত্য অঞ্চলটোত আৰক্ষী প্ৰশাসনৰ লগতে স্বাস্থ্য বিভাগৰ লোক উপস্থিত হৈ ছীল কৰাৰ লগতে সমগ্ৰ অঞ্চল ছেনিটাইজাৰ কৰি Containment Zone হিচাবে ঘোষণা কৰে ৷পৰৱৰ্তী সময়ত ১০৮ মৃত্যুঞ্জয় এম্বুলেঞ্চৰে গুৱাহাটী MMCH লৈ প্ৰেৰণ কৰা হয় মাতৃ সহ হিমাশ্ৰী বৰাক। অৱশ্যে এই পৰ্যন্ত হিমাশ্ৰীৰ মাতৃ কৰ'ণাত আক্ৰান্ত বুলি নিশ্চিত হোৱা নাই যদিও কৰ'ণাত আক্ৰান্ত হিমাশ্ৰীৰ সংস্পৰ্শলৈ আহিছিল স্বাস্থ্য বিভাগতে কৰ্মৰত হিমাশ্ৰীৰ মাতৃ। ইপিনে হিমাশ্ৰীৰ পিতৃক হোম কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰিছে প্ৰশাসনে ৷আনহাতে স্থানীয় লোকৰ অভিযোগ,হিমাশ্ৰী হোম কোৱাৰেণ্টাইনত থকাৰ সময়ত হিমাশ্ৰীৰ পিতৃ ঘৰৰ বাহিৰলৈ গৈ বজাৰ কৰাৰ লগতে বহুজনৰ সংস্পৰ্শলৈ আহিছিল ৷ যাৰ বাবে বৰ্তমানেও আতংকিত হৈ আছে অঞ্চলটোৰ বাসিন্দাসকল ৷

নগাঁৱত চিনাক্ত তৃতীয়জন কৰ'ণাত আক্ৰান্ত ৰোগী


লগতে পঢ়কঃধুবুৰীত ভয়াৱহ পৰিস্থিতি, মুখ্যমন্ত্ৰী লৈ স্মাৰক পত্ৰ প্ৰেৰণ

ABOUT THE AUTHOR

...view details