কলিয়াবৰ, ২৩ অক্টোবৰ : ভৈয়ামৰ দুৰ্গা পূজাৰ পাৰভঙা উছাহৰ মাজতে আৰম্ভ হৈছে পাহাৰৰ কাৰ্বি সামাজিক-সাংস্কৃতিক পৰম্পৰা জীয়াই ৰখাৰ প্ৰয়াস মাণ্ডলিক কাৰ্বি সাংস্কৃতিক যুৱ মহোৎসৱ । কাৰ্বি যুৱক-যুৱতীসকলৰ সৰ্বাংগীন উন্নতিৰ বাবে কাৰ্বি সাংস্কৃতিক সমিতিয়ে যোৱা ত্ৰিশ বছৰে কাৰ্বি যুৱ মহোৎসৱ আয়োজন কৰি আহিছে ।
আনজুক মণ্ডলৰ উদ্যোগত লংকিমিত কাৰ্বি সামাজিক-সাংস্কৃতিক পৰম্পৰা জীয়াই ৰখাৰ প্ৰয়াস কৰা হৈছে । কাৰ্বি যুৱ মহোৎসৱ আনজুক মণ্ডল সমিতিৰ ব্যৱস্থাপনাত লংকিমিৰ ছেৰদিহুন আক্লামত অনুষ্ঠিত কৰা হৈছে । ছুচেং ধেণ্টা ক্ৰীড়া সন্থাৰ উদ্যোগত যোৱা ২১ অক্টোবৰৰ পৰা আৰম্ভ হৈছে ৩১ সংখ্যক মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱভাগ ।
এই মহোৎসৱৰ মণ্ডলটোৰ মুঠ দহটা গোটৰ প্ৰায় তিনিশ পঞ্চাশগৰাকীৰো অধিক যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰিছে । কাৰ্বি গীত-মাত-নৃত্য প্ৰতিযোগিতাৰ লগতে থলুৱা ক্ৰীড়া প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হৈছে । লংকিমিৰ ছেৰদিহুন আক্লামত এতিয়া কাৰ্বি যুৱক-যুৱতীয়ে কাৰ্বি ক্ৰীড়া আৰু সাংস্কৃতিক ঐতিহ্য প্ৰদৰ্শন কৰা হৈছে ৷