অসম

assam

By

Published : Nov 8, 2019, 1:25 AM IST

ETV Bharat / state

৩১ সংখ‍্যক সদৌ অসম কলিয়াভোমোৰা মাৰাথন দৌৰ প্ৰতিযোগিতা সম্পন্ন

ৰাজ‍্যৰ অন‍্যতম সন্মানীয় মাৰাথন দৌৰ প্ৰতিযোগিতা সদৌ অসম কলিয়াভোমোৰা মাৰাথন দৌৰ প্ৰতিযোগিতাই আজি ৩১ বৰ্ষত ভৰি দিলে । এই প্ৰতিযোগিতাত ৰাজ‍্যৰ বিভিন্ন স্থানৰ প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰিছে‌ ৷

সদৌ অসম কলিয়াভোমোৰা মাৰাথন দৌৰ

নগাঁও, 7 নৱেম্বৰঃ কলিয়াবৰ কেন্দ্ৰীয় ছাত্র সন্থাৰ উদ্যোগত বিগত বৰ্ষৰ দৰে এই বৰ্ষতো মাধ্যম আন্দোলনৰ পঞ্চম শ্বহীদ নৰেন্দ্ৰ নাথ মহন্তৰ মৃত্যু দিৱস উপলক্ষে তিনিদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হৈছে শ্বহীদ দিৱস। এই শ্বহীদ দিৱসৰ লগত সংগতি ৰাখি বিগত বৰ্ষৰ দৰে এই বৰ্ষতো উদযাপন সমিতিয়ে আয়োজন কৰিছে সদৌ অসম কলিয়াভোমোৰা মাৰাথন দৌৰ প্ৰতিযোগিতা । উজনি-নামনিৰ বিভিন্ন প্ৰান্তৰ পৰা বহুসংখ্যক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা ৩১ সংখ‍্যক সদৌ অসম কলিয়ভোমোৰা মাৰাথন দৌৰ প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাসে ।

সদৌ অসম কলিয়াভোমোৰা মাৰাথন দৌৰ

পুৱা ৫ বাজি ৩০ মিনিটত কুঁৱৰীটোলৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা আৰম্ভ হোৱা এই মাৰাথন দৌৰৰ প্ৰতিযোগীয়ে নিৰ্ধাৰিত দূৰত্ব অতিক্ৰম কৰাৰ পিচত কলিয়াবৰ কেন্দ্ৰীয় ছাত্র সন্থাৰ কাৰ্যালয়ৰ চৌহদত সমাপ্তি ঘটে । সৰ্বমুঠ ১২২ জন প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা সদৌ অসম কলিয়াভোমোৰা মাৰাথন দৌৰ প্ৰতিযোগিতাখনিৰ প্ৰথম স্থান দখল কৰে শিৱসাগৰৰ বিপুল সৎনামীয়ে, দ্বিতীয় স্থান দখল কৰে ডিগবৈৰ মানচিদ উড়িয়া আৰু তৃতীয় স্থান দখল কৰে গোলাঘাটৰ খগেন কুৰ্মিয়ে ।

উল্লেখ‍্য যে এই প্ৰতিযোগিতাখনত উদযাপন সমিতিয়ে ১১ টাকৈ পুৰস্কাৰ প্ৰদান কৰিব । নিশালৈ দুদিনীয়াকৈ অনুষ্ঠিত হ'ব ৩৪ সংখ‍্যক সদৌ অসম নৰেন্দ্ৰ নাথ মহন্ত সোঁৱৰণী একাঙ্কিকা নাট প্ৰতিযোগিতা । এই প্ৰতিযোগিতখনিত অংশগ্ৰহণ কৰিব মুঠ ১৮ টা নাট‍্য দল ।

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details