নগাঁও, 29 নৱেম্বৰ :শনিবাৰে কলিয়াবৰ শাখা সাহিত্য সভাৰ কাৰ্যালয়ত অনুষ্ঠিত এক সভাত উন্মোচন হয় তিনিখনকৈ গ্ৰন্থ ৷ কলিয়াবৰৰ কুঁৱৰীটোল উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা লিখক ফনী বৰাই লিখি উলিয়াইছে এই তিনিখন গ্ৰন্থ । এই গ্ৰন্থ উন্মোচন কৰে প্ৰাক্তন মন্ত্ৰী, লেখক, অৱসৰপ্ৰাপ্ত অধ্যাপক গুণীন হাজৰিকা, কলিয়াবৰ শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা জখলাবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ অৰবিন্দ বৰগোঁহাইয়ে ।
কলিয়াবৰত উন্মোচন 3 খনকৈ গ্ৰন্থ - উন্মোচন
কলিয়াবৰ শাখা সাহিত্য সভাৰ কাৰ্যালয়ত উন্মোচন হয় তিনিখনকৈ গ্ৰন্থ ৷ উন্মোচন হোৱা গ্ৰন্থ কেইখন ক্ৰমে চিন্ময় সত্তাৰ সন্ধানত, সাহিত্য বিচাৰ আৰু পৰমাৰ্থ তত্ব জিজ্ঞাসা ৷
কলিয়াবৰত উন্মোচন 3 খনকৈ গ্ৰন্থ
কলিয়াবৰ সাহিত্য সভাৰ ব্যৱস্থাপনাত শনিবাৰে অনুষ্ঠিত হোৱা এই গ্ৰন্থ উন্মোচনী সভাত উন্মোচন কৰা গ্ৰন্থকেইখন ক্ৰমে চিন্ময় সত্তাৰ সন্ধানত, সাহিত্য বিচাৰ আৰু পৰমাৰ্থ তত্ব জিজ্ঞাসা ৷ অসম সাহিত্য সভাৰ আঞ্চলিক সম্পাদক মৃণাল হাজৰিকা উপস্থিত থকা গ্ৰন্থ উন্মোচনী সভাত সভাপতিত্ব কৰে কলিয়াবৰ শাখা সাহিত্য সভাৰ সভাপতি হেমোধৰ হাজৰিকাই । এই অনুষ্ঠানটোৰ আঁত ধৰে কলিয়াবৰ শাখা সাহিত্য সভাৰ সম্পাদক বিৰাজ ভূষণ বৰাই।
লগতে পঢ়ক:বকলীয়াঘাটত আছুৰ উত্তাল প্ৰতিবাদ