কলিয়াবৰ,০৭ জুলাই :ভাৰতত এ.টি.এম ব্যৱস্থাই বিভিন্ন সময়ত বেংক গ্ৰাহকক জ্বলা-কলা খোৱাতো সৰ্বজন বিদিত । সেয়ে উপযুক্ত সেৱা আগবঢ়াব নোৱাৰাৰ ফলত মাননীয় উচ্চতম ন্যায়ালয়ে বিষয়টোত গুৰুত্ব সহকাৰে দৃষ্টি দিয়া দেখা গৈছে । বিগত মাৰ্চ মাহত দেশৰ অৰ্ধেক এ.টি.এম বন্ধ হোৱাৰ পিচত দেশত হোৱা সমস্যাৰ প্ৰভাৱ এতিয়া কলিয়াবৰতো সু-স্পষ্ট । দেশৰ ২ লাখ ৩৮ হাজাৰ এ.টি.এমৰ ভিতৰত ইতিমধ্যে ১ লাখ ১৩ হাজাৰ সেৱাৰত এ.টি.এম বন্ধৰ নিৰ্দেশৰ পিচত ভাৰতীয় ষ্টেট বেংকৰ এ.টি.এমৰ বেছি ভাগেই এতিয়া বন্ধ হৈ পৰিছে । ইয়াৰে ভিতৰত গ্ৰাহকৰ সমস্যা বৃদ্ধি কৰি জখলাবন্ধাৰো তিনিটা এ.টি.এম বন্ধ হৈ পৰিছে ।
জখলাবন্ধাৰ তিনিটা SBI এ.টি.এম বন্ধঃ হাঁহাকাৰ গ্ৰাহকৰ
কলিয়াবৰৰ অন্যতম বাণিজ্যিক কেন্দ্ৰ জখলাবন্ধাত পূৰ্বৰে পৰা সেৱাৰত হৈ থকা এছ.বি.আইৰ তিনিটা এ.টি.এম বেংক কৰ্তৃপক্ষই বন্ধ কৰি দিয়াৰ পাচত নতুনকৈ মুকলি কৰা জখলাবন্ধা শাখাতহে এটা এ.টি.এম কাৰ্যক্ষম হৈ থাকিব বুলি বেংক সূত্ৰৰ পৰা জানিব পৰা গৈছে ।
উল্লেখ্য যে ৰাছিয়াৰ প্ৰতি এক লাখ গ্ৰাহকৰ বিপৰীতে এটিএম আছে ১৬৪টা , য'ত ভাৰতত প্ৰতি এক লাখ বেংক গ্ৰাহকৰ বিপৰীতে আছে ২২ টা এটিএম । তেনে স্থলত দেশৰ এ.টি.এম সমূহ দ্ৰুতগতিত বন্ধ হোৱাৰ লগে-লগে বেংক গ্ৰাহক সমূহে ভয়ানক সমস্যাৰ সন্মুখীন হোৱাতো নিশ্চিত । কলিয়াবৰৰ অন্যতম বাণিজ্যিক কেন্দ্ৰ জখলাবন্ধাত পূৰ্বৰে পৰা সেৱাৰত হৈ থকা এছ.বি.আইৰ তিনিটা এ.টি.এম বেংক কৰ্তৃপক্ষই বন্ধ কৰি দিয়াৰ পাচত নতুনকৈ মুকলি কৰা জখলাবন্ধা শাখাতহে এটা এ.টি.এম কাৰ্যক্ষম হৈ থাকিব বুলি বেংক সূত্ৰৰ পৰা জানিব পৰা গৈছে । জখলাবন্ধা হস্পিতাল চাৰিআলি, জখলাবন্ধা আৰু বাঘজানত থকা এ.টি.এম কেইটা বন্ধ হোৱাৰ ফলত সাধাৰণ গ্ৰাহক ৰাইজে যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লগীয়া হৈছে । বিশেষকৈ জখলাবন্ধা হস্পিতালৰ সমুখতে কাৰ্যক্ষম হৈ থকা এটিএমটো বন্ধ কৰি দিয়াত ৰোগী আৰু ৰোগীৰ পৰিয়ালে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে । সঠিক সেৱা আগবঢ়াব নোৱাৰি মাননীয় উচ্চতম ন্যায়ালয়ৰ ৰোষত পৰা বেংক সমূহে এ.টি.এম সেৱা উন্নত কৰাৰ পৰিৱৰ্তে উকনিৰ ভয়ত চুলি খুৰোৱা বেহাক এতিয়া সকলোৱে একেমুখে গৰিহণা দিছে ।