নগাঁও, 2 জুন: হোজাই জিলাৰ লংকাত চিকিৎসকক আক্ৰমণৰ ঘটনাই এতিয়া তোলপাৰ লগাইছে সমগ্ৰ দেশ ৷ জীৱনৰ নিৰাপত্তাক লৈ এতিয়া শংকা প্ৰকাশ কৰিছে চিকিৎসকসকলে ৷
মঙলবাৰে সংঘটিত চিকিৎসকক আক্ৰমণৰ নিন্দনীয় ঘটনাৰ প্ৰতিবাদত আজি অৰ্থাৎ বুধবাৰে সমগ্ৰ অসমতে বন্ধ থাকিব বহিঃবিভাগৰ চিকিৎসা সেৱা ৷ এই কথা এক বিবৃতিযোগে প্ৰকাশ কৰিছে অসম চিকিৎসা সেৱা সংস্থাই । আনহাতে, জৰুৰীকালীন সেৱা আৰু ক’ভিড কেন্দ্ৰত কৰ্তব্যৰত চিকিৎসা কৰ্মীসকলে নিজৰ কৰ্তব্য সম্পাদন কৰিব যদিও এইসকল চিকিৎসকে ক'লা বেজ পৰিধান কৰি সাব্যস্ত কৰিব প্ৰতিবাদ ।
লংকাৰ চিকিৎসকক আক্ৰমণৰ ঘটনাত জড়িত ২4 জনক গ্ৰেপ্তাৰ আনহাতে, হোজাই জিলাৰ লংকাৰ উদালিৰ ক’ভিড কেয়াৰ কেন্দ্ৰত কৰ্মৰত চিকিৎসক গৰাকীক আক্ৰমণ কৰা ঘটনাক কেন্দ্ৰ কৰি দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়া চলি থকাৰ সময়তে ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে 24 জন অভিযুক্তক । ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ঘটনাত জড়িত সকলক অতি শীঘ্ৰেই গ্ৰেপ্তাৰৰ নিৰ্দেশ দিয়াৰ পিছত মঙলবাৰে নিশাই হোজাই আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় 24 জনকৈ অভিযুক্তক । মহিলাসহ আটাইকেইজন অভিযুক্তক জেৰা অব্যাহত ৰাখিছে হোজাই আৰক্ষীয়ে ।
চিকিৎসক আক্ৰমণৰ এই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়েও । চিকিৎসকক আক্ৰমণ কৰা ঘটনাক নিন্দা কৰি ঘটনাত জড়িত আটাইকে আটক কৰি কঠোৰ শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰে সাংসদ গৰাকীয়ে । আনহাতে, নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি চিকিৎসা সেৱা আগবঢ়োৱা চিকিৎসক, স্বাস্থ্যকৰ্মীৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ দাবী জনাইছে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ।
লগতে পঢ়ক:অমানৱীয় লংকাকাণ্ড: চিকিৎসক প্ৰহাৰৰ ঘটনাক লৈ দেশজুৰি প্ৰতিক্ৰিয়া