ৰূপহীহাট,১৯ মে': ৰূপহীহাটতো ক্ৰমাৎ বৃদ্ধি পাইছে কৰ'ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা । মঙলবাৰে ৰূপহীহাটৰ দগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ২০ জনৰ দেহত ক'ভিডৰ অৱস্থিতি ধৰা পৰে ৷ ইয়াৰে দুজন কেৰালাৰ বাসিন্দা বুলি জানিব পৰা গৈছে । কেৰালাৰ আন্নাকুলাম আৰু পাল্লামি নগৰ জিলাৰ চালক দুজনে শ্ৰমিক যাতায়াত কৰা বাহনৰ চালক হিচাপে কৰ্মৰত ৷
ৰূপহীহাটত কেৰালাৰ গাড়ীচালক কৰ’ণাত আক্ৰান্ত - কান্ধুলিমাৰি গাঁৱৰেই আঠ জন লোক ক'ভিডত আক্ৰান্ত
ৰূপহীহাটৰ দগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ২০ জনৰ দেহত ক'ভিডৰ অৱস্থিতি । কেৰালাৰ গাড়ীচালক আক্ৰান্ত মহামাৰী কৰ’ণাত ।
![ৰূপহীহাটত কেৰালাৰ গাড়ীচালক কৰ’ণাত আক্ৰান্ত Rupohihat covid case](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11813279-472-11813279-1621400903340.jpg)
ৰূপহীহাটত কেৰালাৰ গাড়ীচালক কৰ’ণাত আক্ৰান্ত
ৰাজ্য চৰকাৰে বান্ধি দিয়া নতুন এছঅ’পি অনুসৰি দগাঁৱত আৱদ্ধ হৈ পৰিছিল চালক দুজন । আনহাতে, স্থানীয় ১৮ জন লোকৰ দগাঁও কান্ধুলিমাৰি গাঁৱৰ আঠজন লোক ক'ভিডত আক্ৰান্ত হোৱাৰ কথা জনাইছে স্থানীয় স্বাস্থ্য বিভাগে ।
লগতে পঢ়ক: লংকাত স্বাস্থ্যকৰ্মীক সম্বৰ্ধনা বিধায়ক ৰামকৃষ্ণ ঘোষৰ