নগাঁও, 5মে': নগাঁও জিলাত ক’ভিড-১৯য়ে ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰিছে । জিলাখনত ক’ভিড ৰোগীৰ সংখ্যা ১৬৯১ জনলৈ বৃদ্ধি হৈছে । বুধবাৰৰ দিনটোত জিলাখনত ১৮৭ জন লোক ক’ভিড- ১৯ ত নতুনকৈ আক্ৰান্ত হোৱাৰ তথ্য জিলা জনসংযোগ বিভাগে প্ৰকাশ কৰিছে । বুধবাৰে জিলাখনৰ বিভিন্ন প্ৰান্তত স্বাস্থ্য বিভাগে মুঠ ২৩৯১ গৰাকী লোকক ৰেপিড এণ্টিজেন টেষ্ট আৰু ২২ গৰাকীক আৰ টি পি চি আৰ টেষ্ট সম্পন্ন কৰে ।
নগাঁৱত এদিনতে ক’ভিডত আক্ৰান্ত ১৮৭ গৰাকী - আৰ টি পি চি আৰ
এদিনতে নগাঁৱত ক’ভিড-১৯ত আক্ৰান্ত ১৮৭ জন লোক ৷ বুধবাৰৰ দিনটোত নগাঁৱৰ দুজন লোক ক’ভিড-১৯ত মৃত্যু হৈছে । সমগ্ৰ নগাঁও জিলাত ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৮ জনলৈ বৃদ্ধি পালে ৷
ইয়াৰ ভিতৰত ১৮৭ গৰাকী লোকৰ দেহত ক’ভিড-১৯ ৰ অৱস্থিতি ধৰা পৰে । ইয়াৰে ১৭৬গৰাকী লোকে ৰেপিড এণ্টিজেন টে'ষ্টৰ জৰিয়তে আৰু ১১ গৰাকী আৰ টি পি চি আৰৰ জৰিয়তে ক’ভিড-১৯ত আক্ৰান্ত হোৱাটো নিশ্চিত হৈছে । বুধবাৰৰ দিনটোত নগাঁৱৰ দুজন লোক ক’ভিড-১৯ত মৃত্যু হৈছে । ইয়াৰে এজন আমোলাপট্টি নিবাসী ফৰিদা খাতুন আৰু আনজন হৈছে ছোট হয়বৰ নিবাসী বাবুল চন্দ্ৰ দাস । সমগ্ৰ নগাঁও জিলাত ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৮জনলৈ বৃদ্ধি পাইছে ।
লগতে পঢ়ক :পশ্চিমবংগৰ হিংসাত্মক ঘটনাৰ বাবে ৰাজ্যজুৰি বিজেপিৰ প্ৰতিবাদ