নগাঁও, 21 মাৰ্চঃকৰ'ণা ভাইৰাছক লৈ আতংক বৃদ্ধি পোৱাৰ লগে লগে অধিক সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰ প্ৰশাসনে । নগাঁও জিলাত এই পৰ্যন্ত এজনো কৰ'ণা আক্ৰান্ত ৰোগী চিনাক্ত হোৱা নাই যদিও জিলা প্ৰশাসনে ৰাইজৰ মাজত অধিক সজাগতা সৃষ্টিৰ লগতে গ্ৰহণ কৰিছে সতৰ্কতামূলক ব্যৱস্থা । ১৭ মাৰ্চত পাঁচজনতকৈ অধিক লোকৰ সমাবেশ, বিক্ষোভ প্ৰদৰ্শন, প্ৰতিমূৰ্তি দাহ, যান জঁট সৃষ্টি আদিৰ ক্ষেত্ৰত নগাঁও জিলাত ১৪৪ ধাৰা জাৰি কৰাৰ পিচত শনিবাৰে, পুনৰ ১৪৪ ধাৰা জাৰি কৰে নগাঁও জিলা প্ৰশাসনে । জিলাখনৰ প্ৰতিটো চৰকাৰী, বেচৰকাৰী কাৰ্যালয়ত হেণ্ড চেনিটাইজাৰৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে জিলা উপায়ুক্ত যাদৱ শইকীয়াই । ৩১ মাৰ্চলৈকে জিলাখনৰ সাপ্তাহিক বজাৰসমূহ বন্ধ ৰখাৰ নিৰ্দেশনা জাৰি কৰিছে প্ৰসাশনে । দৈনন্দিন বজাৰসমূহ পুৱা 10 বজাৰ পৰা সন্ধিয়া ৬ বজালৈকেহে খোলা থাকিব । এই ক্ষেত্ৰত ফাৰ্মাচী আৰু স্বাস্থ্যজনিত প্ৰতিষ্ঠানসমূহ পূৰ্বৰ দৰেই খোলা থাকিব । ইয়াৰোপৰি ৩১ মাৰ্চলৈকে বন্ধ থাকিব বিবাহভৱন আৰু সভাগৃহ । শ্বপিং মলসমূহত নিজৰ কৰ্মচাৰীসহ এবাৰত ৫০ জনতকৈ অধিক লোকৰ সমাগম হ'ব নোৱাৰিব। ঘৰে ঘৰে গৈ শাক পাচলি বিক্ৰী কৰা আৰু দোকানসমূহত ১০ জনতকৈ অধিক লোক সমবেত হোৱাত বাধা আৰোপ কৰি নিৰ্দেশনা জাৰি কৰিছে নগাঁও জিলা প্ৰশাসনে ।
কৰ'ণাৰ বাবে নগাঁৱত জাৰি ১৪৪ ধাৰা - নগাঁৱত জাৰি ১৪৪ ধাৰা
নগাঁৱত জিলা প্ৰশাসনে ৰাইজৰ মাজত অধিক সজাগতা সৃষ্টিৰ লগতে গ্ৰহণ কৰিছে সতৰ্কতামূলক ব্যৱস্থা ৷ কৰ'ণা ভাইৰাছক লৈ আতংক বৃদ্ধি পোৱাৰ লগে লগে অধিক সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰ প্ৰশাসনে ৷
![কৰ'ণাৰ বাবে নগাঁৱত জাৰি ১৪৪ ধাৰা নগাঁৱত পুনৰ ১৪৪ ধাৰা জাৰি](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6494400-45-6494400-1584797130979.jpg)
নগাঁৱত পুনৰ ১৪৪ ধাৰা জাৰি
কৰ'ণাৰ বাবে নগাঁৱত জাৰি ১৪৪ ধাৰা
Last Updated : Mar 21, 2020, 7:10 PM IST