নগাঁও, 6 জানুৱাৰী:কলিয়াবৰৰ হাতীমূৰাত বনভোজ খাবলৈ আহি দুৰ্ঘটনাত পতিত হৈ বুধবাৰে সন্ধিয়া শিশু আৰু মহিলাসহ 14 গৰাকীকৈ লোক আঘাতপ্ৰাপ্ত হয় ৷ কলিয়াবৰৰ বামুনিৰ পৰা হাতীমূৰাত বনভোজ খাবলৈ আহি উভতনি যাত্ৰাৰ পথত পথৰ পৰা AS 02 BC 207 নম্বৰৰ বাহন খন বাগৰি পৰাত দুৰ্ঘটনাটো সংঘটিত হয় বুলি জানিব পৰা গৈছে ৷
কলিয়াবৰত ভয়ংকৰ দুৰ্ঘটনা:14 গৰাকী আহত - কলিয়াবৰত পথ দুৰ্ঘটনা
কলিয়াবৰত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ হাতীমূৰাত সংঘটিত দুৰ্ঘটনাত পতিত হৈ শিশু আৰু মহিলাসহ 14 গৰাকী লোক আহত ৷ হাতীমূৰা পথত যাত্ৰীবাহী বাহন বাগৰি পৰাত এই দুৰ্ঘটনা সংঘটিত হয় ৷ বনভোজৰ পৰা উভতাৰ পথত বাহনখন দুৰ্ঘটনাগ্ৰস্ত হয় ৷
![কলিয়াবৰত ভয়ংকৰ দুৰ্ঘটনা:14 গৰাকী আহত 14 people injured in a road accident at kaliabor](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10143790-393-10143790-1609942682271.jpg)
14 people injured in a road accident at kaliabor
জানিব পৰা মতে দুৰ্ঘটনাটোৰ ফলত গুৰুতৰভাৱে আহত পাঁচগৰাকীক অতি সংকটজনক অৱস্থাত তেজপুৰলৈ প্ৰেৰণ কৰা হৈছে ৷ স্থানীয় ৰাইজ আৰু জখলাবন্ধা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আহত লোক সকলক জখলাবন্ধা চিকিৎসালয়ত ভৰ্তি কৰাই যদিও অৱস্থা সংকটজনক হোৱাত চিকিৎসকে উন্নত চিকিৎসাৰ বাবে এই পাঁচ গৰাকীক তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে।
লগতে পঢ়ক:36 নং ৰাষ্ট্ৰীয় ঘাইপথত অসম চাহ মজদুৰ সন্থাৰ প্ৰতিবাদ