অসম

assam

ETV Bharat / state

ৰহাৰ ফুলগুৰিত 13 বছৰীয়া নাবালিকাক ধৰ্ষণ

ৰাজ্যত শেহতীয়াকৈ ভয়াৱহভাৱে বৃদ্ধি পাইছে ধৰ্ষণৰ ঘটনা ৷ এইবাৰ ৰহাত এগৰাকী 35 বছৰীয়া যুৱকৰ কামনাৰ বলি হ'ল এগৰাকী 13 বছৰীয়া নাবালিকা ৷

By

Published : Aug 15, 2021, 9:40 PM IST

13-years-old-minor-raped-in-phulguri-of-raha
ৰহাৰ ফুলগুৰিত 13 বছৰীয়া নাবালিকাক ধৰ্ষণ

ৰহা, 15 আগষ্ট : ৰাজ্যৰ ভয়াৱহভাৱে বৃদ্ধি পাইছে নাবালিকা ধৰ্ষণৰ দৰে জঘন্য ঘটনা ৷ এইবাৰ নগাঁও জিলাৰ ৰহাত ধৰ্ষণৰ বলি হৈছে এগৰাকী 13 বছৰীয়া নাবালিকা ৷ ৰহা আৰক্ষী থানাৰ অন্তৰ্গত ফুলগুৰিৰ যুৱক শান্তনু শইকীয়াই সংঘটিত কৰিলে এই ঘটনা ৷ ভুক্তভোগীৰ এজাহাৰৰ ভিত্তিত ইতিমধ্যেই অভিযুক্তক আটক কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে ৷ এই ঘটনাই জোঁকাৰি গৈছে সমগ্ৰ জিলাখনৰ সচেতন মহলক ৷

প্ৰাপ্ত খবৰ মতে, ফুলগুৰি বজাৰত ব্ৰয়লাৰ মাংস বিক্ৰী কেন্দ্ৰ স্থাপন কৰি ব্যৱসায় চলোৱা শান্তনু শইকীয়াই যোৱা 10 আগষ্টৰ বিয়লি সংঘটিত কৰে এই ঘটনা ৷ ধৃত যুৱকজনে দমকলৰ পৰা পানী আনিবলৈ যোৱাৰ চলেৰে ঘৰত অকলশৰে টিভি চাই থকা নাবালিকা গৰাকীৰ লগত ভয়-ভাবুকি প্ৰদান কৰি এই দুস্কাৰ্য সংঘটিত কৰে ৷ ঘটনা সংঘটিত হোৱাৰ সময়ত নাবালিকা গৰাকীক ঘৰতে থৈ প্ৰায় দুশ মিটাৰ দূৰত্বত থকা এটা ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা এটা ইনভাৰ্টাৰ ক্ৰয় কৰিবলৈ গৈছিল পিতৃ-মাতৃ ৷

লগতে পঢ়কঃস্বাধীনতা দিৱসত অসমবাসীলৈ মুখ্যমন্ত্ৰীৰ দহটা আহ্বান...

ঘৰত আহি উপস্থিত হোৱাৰ পাছতে পিতৃ-মাতৃক সমগ্ৰ ঘটনা বিৱৰি কয় নাবালিকা গৰাকীয়ে ৷ ইয়াৰ পাছতে নাবালিকা গৰাকীৰ পিতৃ-মাতৃয়ে অভিযুক্ত শান্তনু শইকীয়া ওৰফে বুল শইকীয়াক ঘটনাৰ সন্দৰ্ভত সোধ-পোছ কৰিবলৈ বিচাৰ-খোচাৰ কৰে যদিও শান্তনু শইকীয়াই ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৷

অৱশেষত নাবালিকা গৰাকীৰ পিতৃ-মাতৃ আৰু স্থানীয় একাংশ লোকে অভিযুক্ত শান্তনু শইকীয়াক বিচাৰি তেওঁৰ উত্তৰ পেটবঢ়াস্থিত বাসগৃহত উপস্থিত হয় ৷ কিন্তু অভিযুক্ত শান্তনু শইকীয়াক ঘৰতো বিচাৰি নাপাই ৰহা ৰহা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে ভুক্তভোগী গৰাকীৰ পিতৃ-মাতৃয়ে ৷ উক্ত এজাহাৰৰ ভিত্তিত ৰহা আৰক্ষীয়ে 265/21 নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ 376/RW POCSO আইনৰ অধীনত এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে ৷

লগতে তদন্তৰ ভিত্তিত অভিযুক্ত শান্তনু শইকীয়াক বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰি নগাঁও ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে ৷

লগতে পঢ়কঃপ্ৰবল বৰষুণৰ মাজতে নগাঁৱত উদযাপন স্বাধীনতা দিৱস

ABOUT THE AUTHOR

...view details